মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৃত মানুহৰ আত্মাকো শান্তি নিদিয়ে : ভূপেন বৰা

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শেহতয়ীয়া কাৰ্যকলাপকলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। তাৰোপৰি দেওবাৰে এক বিবৃতিযোগে সভাপতি বৰাই মুখ্যমন্ত্ৰীগৰাকীক তীব্ৰ সমালোচনাৰে থকা- সৰকা কৰে।

author-image
Asomiya Pratidin
New Update
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা

ডিজিটেল সংবাদ, গুৱাহাটী : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শেহতয়ীয়া কাৰ্যকলাপকলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। তাৰোপৰি দেওবাৰে এক বিবৃতিযোগে সভাপতি বৰাই মুখ্যমন্ত্ৰীগৰাকীক তীব্ৰ সমালোচনাৰে থকা- সৰকা কৰে।

Advertisment

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়- শাসনৰ গাদী খামুচি ৰখাৰ স্বাৰ্থত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৃত মানুহৰ আত্মাকো শান্তি নিদিয়ে৷ ড০ শৰ্মাই তেওঁক ৰাজনৈকিভাৱে সংস্থাপিত কৰা প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক শেহতীয়াকৈ এপিএছচিৰ কেলেংকাৰীত জড়িত কৰি আসুৰিক তৃপ্তি লাভ কৰা পৰিলক্ষিত হৈছে৷ 

দিনদিয়েক পূৰ্বে আৰক্ষীৰ নিৰ্বিচাৰ কন্দুৱা গেছত ৰাইজৰ স্বাৰ্থত প্ৰতিবাদ কৰিবলৈ গৈ ৰাজভৱনৰ ৰাস্তাত মৃত্যু হোৱা মৃদুল ইছলামৰ মৃত্যুৰ কাৰণক লৈও ড০ হিমন্ত বিশ্ব শৰ্মাই নিকৃষ্ট ৰাজনীতি কৰা বুলি উল্লেখ কৰে ৷ সকলোৰে চকুৰ সন্মুখত মৃদুল ইছলামৰ কন্দুৱা গেছৰ প্ৰভাৱত মৃত্যু হৈছিল আৰু শেহতীয়াকৈ ইয়াক ৰাজনৈতিকৰণ কৰিছে৷ 

মৃদুল ইছলামৰ পৰিয়ালে ইতিমধ্যে জনাইছে যে তেওঁ সুৰাসক্ত নহয়৷ তাৰ পিছতো মৃত ব্যক্তিজনক বদনামী কৰিবলৈ সমগ্ৰ প্ৰশাসনিক ব্যৱস্থাটোক ব্যৱহাৰ কৰাত উঠি-পৰি লাগিছে হিমন্ত বিশ্ব শৰ্মা৷ আমি স্পষ্ট কৰি দিব বিচাৰো যে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি, অসমৰ মানুহৰ প্ৰাপ্য অধিকাৰৰ দাবীত সংগ্ৰাম কৰি মৃত্যুক সাবতি লোৱা মৃদুল ইছলাম আমাৰ বাবে জাতীয় শ্বহীদ বুলি বিবৃতিত উল্লেখ কৰে৷ 

ইয়াৰ উপৰি কংগ্ৰেছৰ চৰকাৰ অহাৰ লগে লগে প্ৰথম ১০০দিনৰ ভিতৰত মৃদুল ইছলামৰ পত্নীক চৰকাৰী চাকৰি দিম৷ এই সম্পৰ্কে আমি নিশ্চিতি প্ৰদান কৰিছো বুলি প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই উল্লেখ কৰে।

Dr. Himanta Biswa Sarma bhupen bora