/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/a5538d7d-b7a2-4c8e-a098-d1605916c991/jorhat_29.jpg)
স্পাত অবৈধ দেহ ব্যৱসায় চলাবলৈ যুৱতী যোগান ধৰা মহিলাক আটক
ডিজিটেল ডেস্কঃ গুৱাহাটী বিউটি পাৰ্লাৰৰ স্পাত অবৈধ নাৰী দেহ ব্যৱসায় চলোৱা সন্দৰ্ভত 'অসমীয়া প্ৰতিদিন ডিজিটেল'ত প্ৰকাশিত হৈছিল এলানি ধাৰাবাহিক প্ৰতিবেদন। তাৰ পাছতে মহানগৰীত ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাই এই অবৈধ ব্যৱসায়ৰ সৈতে জড়িত তথা অন্যতম মাষ্টাৰ মাইণ্ড জোনমণি দাস আৰু তেওঁৰ একাংশ সহযোগীক আটক কৰিছিল।
ক্ৰাইম বাঞ্চে সেই অভিযান আজিও অব্যাহত ৰাখিছে। আজি ক্ৰাইম ব্ৰাঞ্চে যোৰহাটত অভিযান চলাই পুনৰ এগৰাকী মহিলাক আটক কৰিছে।
আটক কৰা মহিলাগৰাকীৰ নাম পল্লৱী দাস। জানিব পৰা মতে এই পল্লৱী দাসেই স্পালৈ যুৱতী যোগান ধৰি আহিছিল। পল্লৱী দাসক আটক কৰাৰ পিছতে পুনৰ এই চক্ৰটোৰ সৈতে জড়িত আন বহু মহিলা, যুৱতী, পুৰুষো আৰক্ষীৰ জালত পৰিব বুলি আশা কৰা হৈছে।
ক্লিক কৰি পঢ়কঃ সেমেকা শীতৰ মাজতে প্ৰচণ্ড বান আৰু ভূমিস্খলনঃ এই পৰ্যন্ত ২৬ জনৰ মৃত্যু...