অকাল মৃত্যুক সাৱতি লোৱা পুত্ৰৰ পবিত্ৰ স্মৃতিত নিৰ্মাণ কৰিলে শ্মশান, জিৰণিচৰা...

অকাল মৃত্যুক সাৱতি লোৱা পুত্ৰৰ পবিত্ৰ স্মৃতিত নিৰ্মাণ কৰিলে শ্মশান, জিৰণিচৰা...

author-image
Asomiya Pratidin
New Update
অকাল মৃত্যুক সাৱতি লোৱা পুত্ৰৰ পবিত্ৰ স্মৃতিত নিৰ্মাণ কৰিলে শ্মশান, জিৰণিচৰা...

অকাল মৃত্যুক সাৱতি লোৱা পুত্ৰৰ পবিত্ৰ স্মৃতিত নিৰ্মাণ কৰিলে শ্মশান, জিৰণিচৰা...

ডিজিটেল সংবাদ চিৰাংঃ চিৰাং জিলাৰ বাসুগাঁও চহৰৰ ৩ নং ৱাৰ্ড, ৰামকৃষ্ণ পথৰ বাসিন্দা তথা বিশিষ্ট ব্যবসায়ী দুলাল দেবনাথৰ কনিষ্ঠ পুত্ৰ তথা মাত্ৰ ৩২ বছৰ বয়সতে অকাল মৃত্যুক সাৱতি লোৱা প্ৰয়াত মনোজিত দেৱনাথৰ পবিত্ৰ স্মৃতিত কেইবা লক্ষাধিক টকা ব্যয় সাপেক্ষে চম্পাৱতী নৈৰ পাৰত নতুনকৈ নিৰ্মাণ কৰি উলিওৱা "থুৰিবাৰী চম্পাৱতী অন্তিমধাম শ্মশান" আজি আনুষ্ঠানিক ভাৱে ৰাইজৰ সেৱাত উৎসৰ্গিত কৰা হয় ।

Advertisment

আজি ৩ নং ৱাৰ্ড তথা থুৰিবাৰী অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত ধৰ্মীয় আচাৰ বিধিৰ মাজেৰে বাসুগাঁও ৰামকৃষ্ণ আশ্ৰমৰ স্বামী কৃপানন্দ মহাৰাজে নতুনকৈ নিৰ্মাণ তথা নামাকৰণ কৰা "মনোজিত দেৱনাথ স্মৃতি থুৰিবাৰী চম্পাৱতী অন্তিমধাম শ্মশান" খন আনুষ্ঠানিক ভাবে উদ্ধোধন কৰি শ্মশান পৰিচালনা সমিতিৰ হাতত অৰ্পণ কৰে ।

উল্লেখ্য যে বৃহত্তৰ থুৰিবাৰী এলেকাবাসীৰ বাবে মৃতদেহ সৎকাৰ কৰিবলৈ চম্পাৱতী নৈৰ পাৰত নাছিল কনো পকী শ্মশানৰ ব্যৱস্থা । যাৰ কাৰণে এই অঞ্চলৰ ৰাইজে মৃতদেহ সৎকাৰ কৰিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল ।

এইক্ষেত্ৰত চৰকাৰী আচঁনিৰ জৰিয়তে ৰাইজৰ এই অসুবিধা দূৰীকৰণৰ প্ৰচেষ্টাত চলোৱা হৈছিল যদিও সফল হ'ব পৰা নাছিল । থুৰিবাৰী অঞ্চলবাসী ৰাইজৰ অসুবিধা তথা আৱশ্যকতাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই অঞ্চলৰে মাত্ৰ ৩২ বছৰ বয়সত অকাল মৃত্যুক সাৱতি লোৱা উদ্যমী যুৱ ব্যৱসায়ী প্ৰয়াত মনোজিত দেৱনাথৰ সোঁৱৰণত তেখেতৰ পিতৃ দুলাল দেবনাথ আৰু পৰিয়ালবৰ্গ আগবাঢ়ি আহি কেইবা লক্ষাধিক টকা ব্যায় সাপেক্ষে এই পকী শ্মশান আৰু শ্মশানবাসীৰ বাবে এটা পকী জিৰণিচৰা নিৰ্মাণ কৰি আজিৰ ৰাইজৰ সেৱাত উৎসৰ্গিত কৰা কাৰ্য্য স্থানীয় ৰাইজে শলাগ লয় ।

ক্লিক কৰি পঢ়কঃ গুজৰাটত সৰ্বকালৰ শ্ৰেষ্ঠ প্ৰদৰ্শন বিজেপিৰ

চিৰাং শ্মশান