আজি ৮ বজাৰ পৰা আৰম্ভ কৰা হ'ল বহু প্ৰত্যাশিত গুজৰাট বিধানসভা নিৰ্বাচনৰ ভোট গণনা । সৰ্বমুঠ ১৮২ খন আসনৰ বাবে হোৱা এই মহাৰণৰ ফলাফললৈ মাজত মাথো কেইটামান মূহুৰ্ত । তাৰ পাছতেই ৰাজ্যখনৰ শাসনৰ বাঘজৰী ন্যস্ত হ'ব এটি দলৰ হাতত । বিজেপিৰ বিগত ৭টা কাৰ্যকালৰ সন্মুখীন হোৱা কংগ্ৰেছ আৰু আম আদমি পাৰ্টীৰ কান্ধত আছে গুৰু দ্বায়িত্ব । ৰাজনৈতিক বিশ্লেষণ অনুসৰি, বিজেপিয়ে ১১৭-১৫১ খন আসন লাভ কৰিব তথা কংগ্ৰেছ আৰু আম আদমি পাৰ্টীয়ে ক্ৰমে, ১৬-৫১ খন আৰু ১৩ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে । তেনেস্থলত ৮ম বাৰৰ বাবে গুজৰাটৰ বাঘজৰী বিজেপিয়ে নিজৰ দখলত ৰাখিবলৈ সফল হ'ব নেকি ? অনহাতে, কংগ্ৰেছ আৰু আম আদমী পাৰ্টীৰ আক্ৰমণাত্মক নিৰ্বাচনী প্ৰচাৰে সলনি কৰিব সমগ্ৰ দৃশ্যপট ?