নগাঁৱৰ বিভিন্ন প্ৰান্তত গৰু চুৰি অব্যাহতঃ চোৰক শীৰ্ঘে গ্ৰেপ্তাৰৰ দাবী...

নগাঁৱৰ বিভিন্ন প্ৰান্তত গৰু চুৰি অব্যাহতঃ চোৰক শীৰ্ঘে গ্ৰেপ্তাৰৰ দাবী...
নগাঁৱৰ বিভিন্ন প্ৰান্তত গৰু চুৰি অব্যাহতঃ চোৰক শীৰ্ঘে গ্ৰেপ্তাৰৰ দাবী...

ডিজিটেল সংবাদ বেবেজীয়াঃ নগাঁৱত অব্যাহত আছে বৃহৎ গৰু চুৰি চক্ৰ ৷ নগাওঁ জিলাৰ হাতীচোং-শিলপুখুৰী-কাছমাৰী মৌজাৰ বিভিন্ন প্ৰান্তত দিনক দিনে গৰু চুৰি কাৰ্য অব্যাহত থকাৰ মাজতে বুধবাৰে নিশা নগাঁও চহৰৰ নিকতবৰ্তী হুজগাঁৱৰ এঘৰ গৃহস্থীৰ গোহালিৰ পৰা দুজনীকৈ খিৰতি গাই চুৰি কৰি নিয়াত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

নীনা হালৈ নামৰ গৃহস্থীগৰাকীৰ খীৰতি গাই দুজনী চুৰি কৰি নিয়াত পৰিয়ালটোত বৰ্তমান হাহাকাৰ সৃষ্টি হৈছে। ইতিমধ্যে পৰিয়ালৰ লোকে আৰক্ষীক অৱগত কৰিছে যদিও বৃহৎ গৰুচুৰি চক্ৰটোৰ কোনো এটা চোৰকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

উল্লেখ্য যে, আজি কিছুদিন ধৰি নগাঁও জিলাৰ বিভিন্ন স্থানত গৰু চুৰি কাৰ্য সংঘটিত হৈ আহিছে যদিও নগাঁও আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাত সৰ্ব্বসাধাৰণ ৰাইজে কোনো সুফল লাভ কৰা নাই ৷ সম্প্ৰতি নগাঁও আৰক্ষীৰ ভূমিকাক ৰাইজে সহজ ভাৱে লৱ পৰা নাই ৷ আৰক্ষীক শীৰ্ঘে চুৰিচক্ৰটোক গ্ৰেপ্তাৰৰ দাবী জনাইছে সৰ্ব্বসাধাৰণ ৰাইজে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in