কভিড-১৯ পজিটিভ বিদেশী পৰ্যটক নিৰুদ্দেশ আগ্ৰাত !

কভিড-১৯ পজিটিভ বিদেশী পৰ্যটক নিৰুদ্দেশ আগ্ৰাত !

ডিজিটেল ডেস্ক : বিশ্বৰ বিভিন্ন প্ৰান্তত কভিডে পুনৰ গা কৰি উঠাৰ মাজতেই আন এক খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ দেশত । চুবুৰীয়া ৰাষ্ট্ৰ চীনত ইতিমধ্যেই পৰিস্থিতিৰ অৱনতি ঘটাৰ পাছতো জানুৱাৰীত পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে চীন । ইয়াৰ ওপৰিও আৰম্ভ কৰা হ'ব বিমান সেৱা । তেনেস্থলত নতুন বছৰটোত কভিডে যে পুনৰ গা কৰি উঠিব সেইয়া নিশ্চিত ।

আনহাতে, ভাৰততো কভিডৰ পূৰ্বৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত হৈছে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সুকীয়া বৈঠক । তাৰ মাজতেই তাজ মহল চাবলৈ অহা এগৰাকী বিদেশী পৰ্যটকৰ শৰীৰত কভিডৰ উপস্থিতি ধৰা পৰাৰে পিছৰ পৰাই নিৰুদ্দেশ পৰ্যটক গৰাকী ।

সুদুৰ আৰ্জেন্টিনাৰ পৰা অহা এই গৰাকী পৰ্যটকৰ শৰীৰত ডিছেম্বৰৰ ২৬ তাৰিখেই ধৰা পৰিছিল কভিডৰ উপস্থিতি । আগ্ৰাৰ তাজ মহল দৰ্শনৰ পূৰ্বে দৰ্শকে কৰোৱাব লাগে কভিড পৰীক্ষা । তাতেই পৰ্যটক গৰাকীৰ শৰীৰত কভিড ধৰা পৰাৰ পাছত তেখেতক তাজ মহল দৰ্শনৰ অনুমতি দিয়া হোৱা নাছিল । আনহাতে, তেখেতৰ যোগাযোগৰ নম্বৰ লৈ তেখেতক উভতাই পঠিওৱা হৈছিল যদিও ইচ্ছাকৃত ভাৱে ভুল নম্বৰ দাখিল কৰাৰ বাবে এতিয়া পৰ্যটক গৰাকীক বিচাৰি পোৱাটো অসম্ভৱ হৈ উঠিছে প্ৰশাসনৰ বাবে । বৰ্তমান স্থানীয় আৰক্ষীৰ সহযোগত ওচৰ পাজৰৰ হোটেল সমূহত অনুসন্ধান অব্যাহত দিল্লীৰ স্বাস্থ্য বিভাগে

উল্লেখ্য যে, ডিছেম্বৰৰ ২৫ তাৰিখেও আগ্ৰাস্থিত তাজ মহলত ধৰা পৰিছিল কভিড পজিটিভ পৰ্যটক । ব্যক্তি গৰাকীয়ে ২৩ ডিচেম্বৰত চীনৰ পৰা উভতি অহাৰ পিছত ২৫ তাৰিখে তাজ মহল ভ্ৰমণলৈ গৈছিল ।

লক্ষণীয় বিষয়টো হ'ল যে, বিগত বৰ্ষতো কভিড সংক্ৰমণ বৃদ্ধি হৈছিল কেৱল বিদেশৰ পৰা উভতি অহা লোকসকলৰ অবাধ বিচৰণৰ ফলত । ৰাজহুৱা স্থানত এই লোক সকলেই কভিড বিষ্ফোৰণ কৰিছিল প্ৰথম পৰ্যায়ত । তেনেস্থলত দুটা বছৰৰ হাৰাশাস্তিৰ পাছত এই কথা বুজি পোৱা উচিত আছিল সাধাৰণ জনতাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in