মোডীৰ মন্ত্ৰীসভাত চোৰ ! কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা...

কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিশীথ প্ৰামাণিকৰ বিৰুদ্ধে উত্থাপিত হৈছে চুৰি, ধন দাবী আৰু অনাধিকাৰ প্ৰৱেশৰ অভিযোগ। আলিপুৰদুৱাৰৰ এখন আদালতে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিশীথ প্ৰামাণিকৰ বিৰুদ্ধে ১৩ বছৰ পুৰণি ধন দাবীৰ গোচৰত গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে।

author-image
Asomiya Pratidin
New Update
মোডীৰ মন্ত্ৰীসভাত চোৰ ! কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা...

মোডীৰ মন্ত্ৰীসভাত চোৰ ! কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা...

ডিজিটেল ডেস্কঃ বিপদত  মোডী মন্ত্ৰীসভাৰ মন্ত্ৰী। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰীৰ বিৰুদ্ধে জাৰি গ্ৰেপ্তাৰী পৰোৱানা।  চুৰি, ধন দাবীৰ দৰে গোচৰত গ্ৰেপ্তাৰী পৰোৱানা কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰীলৈ। এই গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে  আলিপুৰদুৱাৰৰ এখন আদালতে।

Advertisment

সন্মুখত গুজৰাট আৰু হিমাচল প্ৰদেশৰ ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন।নিৰ্বাচনৰ প্ৰাকমুহূৰ্ত ভাৰতীয় জনতা পাৰ্টি চমুকৈ বিজেপি প্ৰৱল প্ৰতিষ্ঠান বিৰোধী ঢৌৰ মুখামুখি হ'বলগীয়া হৈছে এই দুয়োখন ৰাজ্যত। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে, হিমাচল প্ৰদেশৰ বিজেপি নেতাক স্বয়ং প্ৰধানমন্ত্ৰী মোডীয়ে টেলিফোনৰ জৰিয়তে বুজনি দিবলগীয়া হৈছে।

নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনে প্ৰতিষ্ঠান বিৰোধী ঢৌৰ মুখামুখি হোৱা বিজেপিৰ সন্মুখত আন এক বিপদ। এইবাৰ এগৰাকী কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰীৰ বিৰুদ্ধে জাৰি হৈছে গ্ৰেপ্তাৰী পৰোৱানা। আলিপুৰদুৱাৰ ন্যায়িক তৃতীয় আদালতে কেন্দ্ৰীয় গৃহ ৰাজ্যিমন্ত্ৰী নিশীথ প্ৰামাণিকৰ বিৰুদ্ধে জাৰি কৰিছে এই গ্ৰপ্তাৰী পৰোৱানা

কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিশীথ প্ৰামাণিকৰ বিৰুদ্ধে উত্থাপিত হৈছে চুৰি, ধন দাবী আৰু অনাধিকাৰ প্ৰৱেশৰ অভিযোগ। আলিপুৰদুৱাৰৰ এখন আদালতে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিশীথ প্ৰামাণিকৰ বিৰুদ্ধে ১৩ বছৰ পুৰণি ধন দাবীৰ গোচৰত গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে।

নিশীথ প্ৰামাণিকৰ বিৰুদ্ধে আই পি চিৰ ধাৰা ৪৫৭, ৩৮৩  আৰু ৪১১ অধীনত ৰুজু হৈ আছে গোচৰ। ইয়াৰে ধাৰা ৪৫৭ৰ অধীনত ঘৰত অনাধিকাৰ প্ৰৱেশ, ধাৰা ৩৮৩ৰ অধীনত ধন দাবী আৰু ধাৰা ৪১১ ৰ অধীনত চুৰি সম্পত্তি আহৰণ কৰাৰ অভিযোগ আছে নিশীথ প্ৰামাণিকৰ বিৰুদ্ধে।  

 উল্লেখ্যে যে, নিশীথ প্ৰামাণিকৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ ১৩ বছৰ পূৰণি। ২০০৯ চনত আলিপুৰদুৱাৰত সংঘটিত হৈছিল এই ঘটনা। এই গোচৰ উত্তৰ ২৪ পৰগণা জিলাৰ বাৰাসাতৰ এখন বিশেষ সাসংদ/বিধায়ক আদালতৰ পৰা কলিকতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত আলিপুৰদুৱাৰ আদালতলৈ স্থানান্তৰ কৰা হৈছিল।

ইফালে এই গোচৰত অন্যান্য অভিযুক্তসকলে ১১ নৱেম্বৰত জামিনৰ আৱেদন দাখিল কৰিছিল যদিও মন্ত্ৰী নিশীথ প্ৰামাণিকৰ ফালৰ পৰা জামিন আৱেদন দাখিল কৰা হোৱা নাছিল বুলি উল্লেখ কৰিছে গোচৰটোৰ চৰকাৰী অধিবক্তা পি নাৰায়ণ মজুমদাৰে।

বহু বিতৰ্কিত মোডী মন্ত্ৰীসভাৰ এইগৰাকী মন্ত্ৰী নিশিথী প্ৰমাণিৰ নাগৰিকত্বক লৈও বিতৰ্কৰ সূচনা হৈছিল। সেই সময়ৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ আৰু বৰ্তমানৰ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ লিখি অভিযোগ কৰিছিল নিশীথ প্ৰমানিক এজন বাংলাদেশী। তেওঁৰ নাগৰিকত্বৰ তদন্ত কৰা উচিত। অৱশ্যে বিজেপিয়ে ৰিপুন বৰাৰ এই অভিযোগ খাৰিজ কৰিছিল।

ক্লিক কৰি পঢ়কঃ গুৱাহাটী গণপ্ৰহাৰৰ ঘটনা : আৰক্ষীয়ে আটক কৰিছে কেইবাজনো শ্ৰমিকক..

নৰেন্দ্ৰ মোডী নিশীথ প্ৰামাণিক