গুৱাহাটী গণপ্ৰহাৰৰ ঘটনা : আৰক্ষীয়ে আটক কৰিছে কেইবাজনো শ্ৰমিকক...

মহানগৰীৰ আদাগুদামত গণপ্ৰহাৰত মৃত্যু হয় সুনীল শৰ্মা নামৰ এজন যুৱকৰ
guwahati
guwahati

ডিজিটেল ডেস্ক : বুধবাৰে নিশাৰ ভাগত গুৱাহাটী মহানগৰীত সংঘটিত হয় ভয়ংকৰ ঘটনা। মহানগৰীৰ আদাগুদামত গণপ্ৰহাৰত মৃত্যু হয় সুনীল শৰ্মা নামৰ এজন যুৱকৰ। ঘটনাস্থলীত ফটাশিল আৰক্ষী উপস্থিত হৈ যুৱকজনক পুৱাৰ ভাগত উদ্ধাৰ কৰি থানালৈ লৈ আনে।

উল্লেখ্য যে ঘটনা সন্দৰ্ভত ফটাশিল আৰক্ষীয়ে আটক কৰিছে কেইবাজনো শ্রমিকক। ধৃত শ্ৰমিক কেইজন হ'ল নুৰুল হুছেইন, মুন্নাফ আলী, আব্দুল ৰেজাক, আমিৰ হামজা, নিজামুদ্দিন, মকবুল হুছেইন, মজিবুৰ আলী, আব্দুল ৰেকিব হক, মহম্মদ আলেক আলী, মহম্মদ জামিৰুল হুছেইন আৰু আজাহাৰ আলী। ঘটনাৰ উচিত তদন্তৰ বাবে আটাইকেইজনক সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

জানিব পৰা মতে নিশা কাৰোবাৰ ঘৰৰ চুৰি কৰাৰ অভিযোগত সুনীলক প্ৰহাৰ কৰা হৈছিল। তাৰ পাছতেই একাংশ লোকে মৰিয়াই মৰিয়াই হত্যা কৰে যুৱকজনক। সুনীলৰ মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in