নাগালেণ্ডত কংগ্ৰেছৰ অপ্ৰত্যাশিত জয়...

নাগালেণ্ডত কংগ্ৰেছৰ  অপ্ৰত্যাশিত জয়...

ডিজিটেল সংবাদ, বেকাজানঃ নাগালেণ্ডত এন ডি পি পি আৰু বিজেপিৰ মিত্ৰজোঁটত আশাত চেঁচা পানী পেলাই একমাত্ৰ লোকসভা আসনখনত অপ্ৰত্যাশিতভাৱে জয় লাভ কৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছে। মঙলবাৰে ঘোষণা কৰা ফলাফলত বিজেপিৰ মিত্ৰ নেচনেলিষ্ট ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি (এনডিপিপি)ৰ প্ৰতিদ্বন্দ্বী ড০ চুম্বেন মুৰীক পৰাস্ত কৰি একমাত্র নাগালেণ্ড লোকসভাৰ আসনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী এছ ছুপংমেৰেন জামিৰে জয়লাভ কৰে।

তেওঁ নেচনেলিষ্ট ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টিৰ ড০ চুম্বেন মুৰীক ৫০ হাজাৰ ৯৮৪ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। জয়ী হোৱাৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত জামিৰে কয় যে দলৰ ইস্তাহাৰত প্ৰতিশ্ৰুতি অনুসৰি তেওঁ কমিটেড ফৰ দ্য পিপলৰ সৈতে কাম কৰিব।

উল্লেখযোগ্য ১৯৯৯ চনৰ পৰা ২৫বছৰৰ মূৰত নাগালেণ্ডে কংগ্ৰেছৰ সাংসদ বাছি লৈছে। নাগালেণ্ডৰ একক লোকসভা আসনত তিনিজন প্ৰতিদ্বন্দ্বী কৰিছিলি। নেশ্যনেলিষ্ট ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টিৰ চুম্বেন মুৰী, নিৰ্দলীয় প্ৰাৰ্থী হিচাপে হাইথুং টুংগো লোথা, আৰু কংগ্ৰেছৰ এছ ছুপংমেৰেন জামিৰ।

নাগালেণ্ডত ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ভোটগ্ৰহণত ৰাজ্যখনৰ মুঠ ১৩,১৭,০৩৬ জন ভোটাৰে ভোটদান কৰিছিল। মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ই নাগালেণ্ডৰ পৰা একমাত্ৰ লোকসভাৰ আসন লাভ কৰাৰ বাবে এছ ছুপংমেৰেন জামিৰক অভিনন্দন জনাইছে। ইফালে, প্ৰাক্তন সংসদ সদস্য তথা বিধায়ক, টোখেহো য়েপথোমীয়েও জামিৰক অভিনন্দন জনাই কয় যে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ পৰা তেওঁৰ জয়ে সংসদত শাসকীয় হওক বা বিৰোধী দলতেই হওক, একক সংসদ সদস্য থকা ৰাজনৈতিক দলৰ দৰে নহয়, গুৰুত্ব বহন কৰিব। জামিৰৰ এই জয় নাগালেণ্ডৰ ৰাজনৈতিক ইতিহাসৰ বহুতৰে ভিতৰত প্ৰথম বুলি উল্লেখ কৰি য়েপথমীয়ে আশা কৰে যে তেওঁ নাগালেণ্ডৰ আকাংক্ষা পূৰণৰ বাবে প্ৰেৰণা আৰু সাহস বিচাৰি পাব।

নেচনেলিষ্ট ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টিয়ে কয় যে তেওঁলোকে এছ ছুপংমেৰেন জামিৰক বাছি লোৱাৰ বাবে মানুহৰ আদেশক আদৰণি জনাইছে। ইফালে লোকসভা নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী এছ ছুপংমেৰেন জামিৰক অভিনন্দন জনাইছে নেচনেলিষ্ট ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টিয়ে। এন ডি পি পিয়ে কয় যে, নগা জনসাধাৰণৰ একমাত্র প্ৰতিনিধি হিচাপে জমিৰে সংসদত জনসাধাৰণৰ আকাংক্ষা আৰু কণ্ঠক আগুৱাই নিব বুলি আশা প্ৰকাশ কৰে।

নাগালেণ্ডত কংগ্ৰেছৰ  অপ্ৰত্যাশিত জয়...
পচন্দ নহ'ল প্ৰাৰ্থীঃ ন'টা ল'লে বাছি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in