পচন্দ নহ'ল প্ৰাৰ্থীঃ ন'টা ল'লে বাছি

পচন্দ নহ'ল প্ৰাৰ্থীঃ ন'টা ল'লে বাছি

ডিজিটেল ডেস্কঃ মুহূৰ্ততে সলনি হৈছে ৰাজনৈতিক প্ৰেক্ষাপট। পচন্দৰ প্ৰাৰ্থী নথকা বাবে এইবেলি মধ্যপ্ৰদেশৰ ইন্দোৰ লোকসভা সমষ্টিত 'ন'টা'ই লাভ কৰিলে ১.৭০ লাখতকৈও অধিক ভোট । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, এই সংখ্যা ইন্দোৰ লোকসভা সমষ্টিৰ মুঠ ভোটৰ ১৩.৫০ শতাংশ। লোকসভা সমষ্টিটোত ন'টাই লাভ কৰে ১.৭০ লাখতকৈও অধিক ভোট।

ইন্দোৰত বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী শংকৰ লালৱানী আৰু ন'টাৰ মাজত এখন অঘোষিত প্ৰতিযোগিতা পৰিলক্ষিত হয়। ইন্দোৰৰ ভোটাৰসকলে নোটাৰ পক্ষত ১.৭০ লাখতকৈও অধিক ভোট দান কৰে।

উল্লেখ্য যে,২০১৩ চনত নিৰ্বাচন আয়োগে লোৱা সিদ্ধান্ত মতে, নিৰ্বাচনৰ সময়ত যদি ভোটাৰে কোনো প্ৰাৰ্থীকে যোগ্য বুলি নাভাৱে, তেন্তে ৰাইজে 'ন'টা' ভোট দি সেই অনিচ্ছা প্ৰকাশ কৰিব পাৰে। সেই অনুসৰি ডিব্ৰুগড় লোকসভা সমষ্টিত ৩২২০২ টা ভোট পৰিছে ন'টাত। ইয়াৰ বিপৰীতে কৰিমগঞ্জত ন'টাত ভোটদান কৰিছে ২৭৩১ গৰাকী ভোটাৰে। অসমত নোটাত সৰ্বাধিক ভোট পৰিল ডিব্ৰুগড় আৰু সৰ্বনিম্ন ভোট পৰিল কৰিমগঞ্জত ।

নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি অসমৰ অন্য সমষ্টি সমূহত ন'টা ভোট ক্ৰমে- বৰপেটা- ১৬৮৫৪, দৰং-ওডালগুৰি- ২২৮৬৪, ধুবুৰী- ১৪৫১২, ডিফু-১৬০৭৯, গুৱাহাটী- ২০১২৬, যোৰহাট- ১৪৫৫৫, কাজিৰঙা- ২৪১৯৮, কোকৰাঝাৰ- ১৩৩৮৭ আৰু লখিমপুৰত নোটা ভোট ১৬৭১৬ । অসমত ন'টাত পৰিল মুঠ ২,৩৭,৬২৪ ভোট।

পচন্দ নহ'ল প্ৰাৰ্থীঃ ন'টা ল'লে বাছি
কোকৰাঝাৰত বিজয়ী হৈ জয়ন্ত বসুমতাৰীয়ে ক'লে সংসদত ক'ব BTR চুক্তিৰ কথা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in