/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/0e3d84fe-7a2e-474f-8e32-124ad83cc475/bd8e50c9-3c79-4cab-bfa0-d011a0f1b233.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিত অনুষ্ঠিত হব লগা উপ নিৰ্বাচনৰ বাবে সাজু হৈছে কংগ্ৰেছ। সমষ্টি কেইটাৰ প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰাৰ বাবে ইতিমধ্যে আহি অসমত উপস্থিত হৈছে দলটোৰ অসমৰ দায়িত্বত থকা কংগ্ৰেছ নেতা জীতেন্দ্ৰ সিং। আটাইকেইটা সমষ্টিতে কংগ্ৰেছে নিজাববীয়াকৈ প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত লৈছে। সেই সমষ্টিকেইটাৰ বাবে ৩-৪জনীয়া প্ৰাৰ্থীৰ নামৰ তালিকাও প্ৰস্তুত কৰিছে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই।
চিডলী বিধানসভা সমষ্টিৰ বাবে মূলত প্ৰবীণ বড়োৰ নাম এই তালিকাত অন্তভূক্ত কৰা হৈছে। অৱশ্যে বড়োৰ উপৰিও এই সমষ্টিত সাম্ভাৱ্য কংগ্ৰেছ প্ৰাৰ্থীৰ তালিকাত নাম আছে দেৱজিত বসুমতাৰী আৰু সঞ্জীৱ ৱাৰিৰ। বঙাইগাওঁ বিধানসভা সমষ্টিৰ বাবে মুঠ ৪জন প্ৰাৰ্থীৰ নাম তালিকাভূৰ্ক্ত কৰা হৈছে। সেই প্ৰাৰ্থীকেইগৰাকী হৈছে- গিৰিশ বৰুৱা, জ্যোতিমৰ্য় বৈশ্য, ভাস্কৰ সৰকাৰ আৰু ব্ৰজেনজিত সিংহ।
চামগুৰি সমষ্টিত ৰকিবুল হুচেইনৰ পুত্ৰ তানজিল হুচেইনৰ নাম ইতিমধ্যে চৰ্চা হৈছে। ইয়াৰোপৰি এই সমষ্টিটোৰ বাবে জুৱেৰুল বক্সী, ছফিকুল ৰহমানৰ নামো তালিকাত আছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নাম বিহালী সমষ্টিৰ বাবে কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকাত আছে। তেওঁৰ লগতে প্ৰেমলাল গঞ্জু, দিলীপ বৰুৱা আৰু মনোজ গৌতমৰ নাম এই সমষ্টিৰ বাবে ৪জনীয়া তালিকাত স্থান দিয়া হৈছে।
ধলাই সমষ্টিৰ বাবে কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকাত স্থান পোৱা নেতাকেইজন হল- হীৰক দাস, ধ্ৰুৱজ্যোতি পুৰকায়স্থ আৰু বিশ্বজিত দাস। দুই এদিনৰ ভিতৰতে এই ৫টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিব প্ৰদেশ কংগ্ৰেছে।
Also Read: সাপ দেখিলেই আপুনি কিয় দিয়ে জাঁপ...