/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/9ea5ae48-5f07-4303-b926-ae40492c90ec/44169264-fa16-4b83-864a-18ab921c5281.jpg)
সাপে বাঘৰ নিচিনাকৈ দেখিলেই খেদি নাখায়, লেখিহে খায়। এই প্ৰবচন ফাঁকি অসমীয়া সমাজত মুখে মুখে চলি আহিছে। আঁচলতে সাপ বুলি কলেই আমি জপিঁয়াই উঠো যদিও সমাজ তথা পৰিৱেশৰ ভাৰসাম্য় ৰক্ষা কৰাত সাপৰ গুৰুত্ব অপৰিসীম।বিশ্ব সৰ্প দিৱসৰ সৈতে সংগতি ৰাখি অসমীয়া প্ৰতিদিন ডিজিটেল এক প্ৰতিবেদন
আজি বিশ্ব সৰ্প দিৱস। প্ৰতিবছৰে ১৬জুলাইৰ দিনটো সৰ্প দিৱস হিচাপে পালন কৰি অহা হৈছে। সাপ সম্পৰ্কীয় অন্ধবিশ্বাস দূৰীকৰণ আৰু সজাগত সৃষ্টি কৰাৰ ক্ষেত্ৰত এই দিনটো সমগ্ৰ বিশ্বতে সৰ্প দিৱস হিচাপে পালন কৰি অহা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/ea54d432-cd04-46dd-8900-1f2c3165944f/B959336D-2A0C-42FF-8755CC63FD2C518B_source.webp)
বিশ্বৰ ভিতৰতে সবাতোকৈ বিষাক্ত সাপ কেইবিধ হৈছে- ব্লেক মাম্বা, বুমশ্লাং, ফাৰ-ডি-লেন্স, ৰাছেলছ ভাইপাৰ, ইষ্টাৰ্ণ টাইগাৰ স্নেক, চাও-স্কেলড ভাইপাৰ, বেণ্ডেড ক্ৰেইট, ৰজা ফেঁটী (কিং কোব্ৰা), কোষ্টাল টাইপান, ইনলেণ্ড টাইপান ।
আনফালে ভাৰত পোৱা সাপ বোৰৰ ভিতৰত সবাতোকৈ বিষাক্ত সাপ কেইবিধ হৈছে- কিং কোব্ৰা, ভাৰতীয় ক্ৰেইট, ৰাছেলছ ভাইপাৰ, ছ'-স্কেল্ড ভাইপাৰ, ইণ্ডিয়ান কোব্ৰা (নাজা নাজা), মালাবাৰ পিট ভাইপাৰ, বেণ্ডেড ক্ৰেইট, বেম্ব' পিট ভাইপাৰ, হাম্প-নোচেড পিট ভাইপাৰ, আন্দামান পিট ভাইপাৰ ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/85f47c81-d3c6-4055-afc6-4f7ff4d303c2/Viper-fb6b9c5.jpg)
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, আমি সাপৰ নাম শুনিলেই ভয় খাও যদিও আমাক সাপে ভিন্ন ধৰণে সহায় কৰে। সাপে ৰোগ প্ৰতিৰোধত এক বিশেষ ভূমিকা পালন কৰে আৰু কৃষি সম্প্ৰদায়ক লাভান্বিত কৰে । নিগনি জাতীয় প্ৰাণীৰ পৰা হব পৰা লাইম ৰোগ, লেপ্টোস্পাইৰোচিছ, লিচমেনিয়াচিছ, হাণ্টাভাইৰাছ আদি ভিন্ন ৰোগ প্ৰতিৰোধত সাপে সহায় কৰে।
উল্লেখনীয় কথাটো হৈছে যে, সাপে 'পৰিস্থিতিতন্ত্ৰ-অভিযন্তা' হিচাপে 'গৌণ বীজ বিচ্ছুৰণ'ৰ সুবিধা প্ৰদান কৰে, যাৰ বাবে উদ্ভিদৰ প্ৰজননত যথেষ্ট সহায়ক হয়। ইয়াৰোপৰি নিগনি-এন্দুৰ খোৱাৰ ফলত সাপে ইহঁতৰ জনসংখ্যা নিয়ন্ত্ৰণত ৰাখে । এনেদৰে জুনোটিক ৰোগ সংক্ৰমণ প্ৰতিহত কৰে আৰু খাদ্য সুৰক্ষাত অৰিহণা যোগায় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/d3201e1a-7373-49ed-a8a0-3ce33794a702/images.jpg)
সাপ বহু ঔষধৰো উৎস । সৰ্পদংশনৰ বাবে একমাত্ৰ প্ৰমাণিত আৰু কাৰ্যকৰী চিকিৎসা- সাপৰ বিষপ্ৰতিৰোধী এণ্টিভেনম সাপৰ বিষৰ পৰায়ে আহৰণ কৰা হয় । ঘোঁৰা আৰু ভেড়াৰ শৰীৰত সাপৰ বিষ সুমুৱাই দিয়া হয় । এই বিষৰ বিপৰীতে এণ্টিবডী থকা জন্তুবোৰৰ প্লাজমা সংগ্ৰহ কৰা হয় আৰু জীৱন ৰক্ষাকাৰী এণ্টিভেনম প্ৰস্তুত কৰিবলৈ বিশুদ্ধ কৰা হয় ।
এটা কথা আপুনি সদায় মনত ৰাখিব যে, সাপে কেতিয়াও আগতীয়াকৈ কাকোৱেই আক্ৰমণ নকৰে। যদিহে সাপক আঘাত বা আগতীয়াকৈ জোকাঁই লোৱা নহয়, তেন্তে সাপে আক্ৰমণ কেতিয়াও নকৰে। সেয়েহে অসমীয়াত এষাৰ কথা আছে- বাঘে দেখি খায় আৰু সাপে লেখি খায়।
বিশ্বজুৰি প্ৰায় ৫.৪ নিযুত মানুহক প্ৰতিবছৰে সাপে দংশন কৰে। প্ৰতিবছৰে ৮১,৪১০জনৰ পৰা ১,৩৭,৮৮০গৰাকী লোক সৰ্প দংশনৰ ফলত মৃত্যু হয়। সৰ্পদংশনৰ বিষৰ ফলত প্ৰায় ৪লাখৰ অঙ্গচ্ছেদ আৰু অন্যান্য স্থায়ী বিকলাঙ্গতা হয় । অৱশ্যে বহুতো সৰ্পদংশনৰ ঘটনা অগোচৰে থাকি যায় । কিয়নো প্ৰায়ে ভুক্তভোগীসকলে অনা-চিকিৎসা উৎসৰ পৰা অৰ্থাৎ বেজ-কবিৰাজ আদিৰ পৰা চিকিৎসা বিচাৰে বা স্বাস্থ্য সেৱা লাভ নকৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/ed0e2a2a-4680-4013-8cca-289cd8cead65/Nikhil_Cobra.jpg)
এণ্টিভেনম হৈছে সৰ্পদংশনৰ বেছিভাগ ক্ষতিকাৰক প্ৰভাৱ প্ৰতিৰোধ বা বিপৰীত কৰাৰ বাবে কাৰ্যকৰী চিকিৎসা । বিশ্ব স্বাস্থ্য সংস্থাৰ অত্যাৱশ্যকীয় ঔষধৰ তালিকাত ইয়াক অন্তৰ্ভুক্ত কৰা হৈছে। কিন্তু দুৰ্ভাগ্যবশতঃ বহু লোকে এণ্টিভেনম নাপায় বা তাৰ বাবে মূল্য পৰিশোধ কৰিব নোৱাৰে । বহুতো পৰিয়ালে কাৰোবাক সৰ্পদংশন কৰাৰ পিচত এণ্টিভেনম লাভ কৰিবলৈ সম্পত্তি পৰ্যন্ত বিক্ৰী কৰে বা ঋণ ল'বলগা হয় ।
ভাৰতত প্ৰায় 90% সৰ্পদংশনৰ ঘটনা চাৰি প্ৰকাৰৰ সাপৰ ফলত হয়- কমন ক্ৰেইট, ইণ্ডিয়ান কোব্ৰা, ৰাছেলছ ভাইপাৰ আৰু ছ'-স্কেল্ড ভাইপাৰ । ভাৰতত ২০১৮চনত সৰ্প দংশনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৮,৯৬২গৰাকী, ২০১৯ত ৯,২২৪গৰাকী, ২০২০ত ৯,৮২২গৰাকী, ২০২১ত ১০,৩৮২গৰাকী আৰু ২০২২ত ১০,০৯৬গৰাকী।
২০২২চনত সৰ্প দংশনৰ ফলত সৰ্বাধিক লোকৰ মৃত্যু হৈছিল মধ্যপ্ৰদেশত। দ্বিতীয় আৰু তৃতীয় স্থানত আছিল ক্ৰমে ওড়িশা আৰু চত্তীশগড়। ভাৰতত ৩০০তকৈও অধিক প্ৰজাতিৰ সাপ পোৱা যায় । ইয়াৰে ভিতৰত ৬০ টাতকৈ অধিক প্ৰজাতি বিষাক্ত। পৃথিৱীৰ কিছুমান আটাইতকৈ বিষাক্ত সাপ ভাৰতত পোৱা যায় । ইয়াৰ ভিতৰত আছে ৰজা ফেঁটী (কিং কোব্ৰা), ভাৰতীয় ক্ৰেইট আৰু ৰাছেলছ ভাইপাৰ ।
শেহতীয়া গণনা অনুসৰি, ৩৭৮৯ টা সাপৰ প্ৰজাতি আছে । যাৰ ফলত জেঠীৰ পিচত সৰীসৃপৰ দ্বিতীয় সৰ্ববৃহৎ গোট হৈছে এই সাপ । সাপক ৩০ টা বিভিন্ন পৰিয়াল আৰু অসংখ্য উপ-পৰিয়ালত বিভক্ত কৰা হৈছে । অষ্ট্ৰেলিয়াত সাপৰ প্ৰায় ১৪০ টা প্ৰজাতিয়ে বাস কৰে । নেচনেল জিঅ'গ্ৰাফীকৰ মতে, প্ৰায় ৬০০ প্ৰজাতিৰ সাপ বিষাক্ত আৰু ২০০ৰ ভিতৰত সাত শতাংশইহে এজন মানুহক হত্যা বা গুৰুত্বপূৰ্ণভাৱে আঘাত কৰিবলৈ সক্ষম।