মহানগৰীৰ ইডিৰ কাৰ্যালয় ঘেৰাও কংগ্ৰেছৰ...

মহানগৰীৰ ইডিৰ কাৰ্যালয় ঘেৰাও কংগ্ৰেছৰ...

author-image
Asomiya Pratidin
New Update
মহানগৰীৰ ইডিৰ কাৰ্যালয় ঘেৰাও কংগ্ৰেছৰ...

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে দেশজুৰি ইডিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছে। ৰাজ্যই ৰাজ্যই বিধি বলৱৎকাৰী সঞ্চকালয়ৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী হাতত লৈছে কংগ্ৰেছে। হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন আৰু ছেবিৰ অধ্যক্ষ মাধৱী পুৰী ব্ৰুচৰ বিৰুদ্ধে দলটোৱে প্রতিবাদ সাব্যস্ত কৰিছে।

Advertisment

ছেবিৰ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে ইডিয়ে কোনো ব্যবস্থা নোলোৱাৰ অভিযোগত ইডিৰ কার্যালয়তো কংগ্রেছে প্ৰতিবাদ সাব্যস্ত কৰিছে। মহানগৰীৰ খ্ৰীষ্টানবস্তীস্থিত বিধি বলৱৎকাৰী সঞ্চকালয়ৰ কাৰ্যালয় ঘেৰাও কৰিছে কংগ্ৰেছে। উল্লেখ্য যে কংগ্ৰেছৰ প্ৰতিবাদক ৰুধিবলৈ সম্ভম মহানগৰী আৰক্ষী-প্ৰশাসন। পুৱাৰে পৰা ইডিৰ কাৰ্যালয় চৌহদত মোতায়েন বৃহৎ সংখ্যক আৰক্ষীৰ।

উল্লেখযোগ্য যে ১০আগষ্টত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্যিক বিশ্লেষক সংস্থা হিণ্ডেনবার্গ ৰিছার্চে এক বিষ্ফোৰক তথ্য পোহৰলৈ আনিছিল। হিণ্ডেনবার্গে প্রকাশ কৰা তথ্যমতে মাধৱী পুৰী ব্ৰুচ আৰু তেওঁৰ স্বামীয়ে আদানিৰ বার্মুদা আৰু মৰিছাছৰ কোম্পানীসমূহত ধন বিনিয়োগ কৰিছিল। এই কোম্পানীসমূহৰ গৰাকী কৰা হৈছিল গৌতম আদানিৰ ভাতৃ বিনোদ আদানিক।

মাধৱীয়ে ২০১৫ চনৰ পৰা ২০১৭ চনলৈকে আদানিৰ কোম্পানীসমূহৰ সুযোগ লোৱাৰ সময়ত তেওঁ আছিল 'ছেবি'ৰ সদস্য। ২০২২ চনত মাধবী যেতিয়া 'ছেবি'ৰ অধ্যক্ষা নিযুক্ত হ'ল, তেতিয়া তেওঁ ব্যক্তিগত লেনদেন তথা নিজৰ বিনিয়োগ বা শ্বেয়াৰসমূহ অতি কৌশলেৰে স্বামীৰ নামলৈ স্থানান্তৰ কৰিছিল। কিন্তু হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ এই অভিযোগ নাকচ কৰিছিল ছেবিৰ অধ্যক্ষগৰাকীয়ে।

যোৱা বছৰ হিণ্ডেনবাৰ্গৰ বিস্ফোৰণ বা আদানিৰ শ্বেয়াৰ বজাৰৰ কেলেংকাৰী প্ৰকাশ পোৱাৰ পিচত মাধৱী পুৰী ব্ৰুচে এই কেলেংকাৰীৰ বিৰুদ্ধে বা আদানিৰ বিৰুদ্ধে ব্যৱস্থা ল'ব পৰা নাছিল। দেশৰ বিত্তীয় অনিয়ম নিয়ন্ত্ৰণ কৰাৰ দায়িত্বত থকা মুৰব্বীয়েই আর্থিক লাভৰ লোভত কেলেংকাৰীক প্রশ্রয় দিয়া কাণ্ডক হিণ্ডেনবার্গে পোহৰলৈ আনি দেশৰ বিত্তীয় দুর্নীতিৰ আন এটা অন্ধকাৰ দিশ উদঙাই দিছিল। এই ঘটনাৰ সন্দৰ্ভত বিধি বলৱৎকাৰী সঞ্চকালয়ে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগত আজি দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছে।

Also Read: স্মার্ট মিটাৰ, সৌৰশক্তিৰ নামত ৰাজ্য চৰকাৰে হাজাৰ কোটি লুণ্ঠনৰ অভিযোগ কংগ্ৰেছৰ

hindenburg ed ADANI GROUP congress