গুৱাহাটীত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকার্জুন খার্গেৰ সংবাদমেল...

গুৱাহাটীত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকার্জুন খার্গেৰ সংবাদমেল...

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকার্জুন খার্গে শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হয়। গুৱাহাটীৰ বৰঝাৰৰ হোটেল কিৰণশ্ৰীত আয়োজিত এক সংবাদমেল সম্বোধন কৰি ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে কংগ্ৰেছে দেশৰ গণতন্ত্র আৰু সংবিধান ৰক্ষাৰ বাবে যুঁজ দিছে বুলি মন্তব্য কৰে।

কংগ্রেছ অধ্যক্ষগৰাকীয়ে কয় যে, কংগ্রেছে ৫টা ন্যায় প্রদানৰ প্রতিশ্রুতি আৰু ২৫টা গেৰাণ্টি জনসাধাৰণক দিছে। তেওঁৰ দলে এই সকলো প্রতিশ্রুতি আৰু গেৰাণ্টি বাস্তৱায়িত কৰিব বুলি দাবী কৰে।

ইয়াৰোপৰি খাৰ্গেয়ে প্রধানমন্ত্রী সমালোচনা কৰি কয় যে, বিগত ১০ বছৰত দিয়া প্রতিশ্রুতি ৰক্ষাত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী ব্যর্থ হৈছে। কংগ্রেছে মুদ্রাস্ফিতী নিয়ন্ত্রণ, নিবনুৱা সমস্যা আৰু উন্নয়নৰ হকে সংগ্রাম কৰি আছে, কিন্তু বিজেপিয়ে এইবোৰ সমস্যালৈ পিঠি দি মেৰুকৰণ আৰু জনতাক বিভক্ত কৰাৰ ৰাজনীতি কৰিছে।

লগতে মল্লিকার্জুন খার্গেয়ে বিজেপি নেতৃত্বৰ চৰকাৰক প্ৰতিশ্রুতি অনুসৰি বছৰি দুই কোটি নিবনুৱাক চাকৰি দিয়াত ব্যর্থ হোৱাৰ বাবে গৰিহণা দিয়ে। এই সন্দৰ্ভত তেওঁ কয় যে, কৃষকৰ উপাৰ্জন দুগুণ কৰাত ব্যর্থ হোৱা বিজেপিয়ে কৃষি আৰু অন্যান্য নিত্য প্রয়োজনীয় উৎপাদনত জি এছ টি জাপি দিছে।

উক্ত সংবাদমেলত লোকসভা নিৰ্বাচন সম্পৰ্কত কয়- ‘এই নিৰ্বাচন দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই নিৰ্বাচন কোনো ব্যক্তি বিশেষৰ নিৰ্বাচন নহয়। দেশৰ গণতন্ত্র আৰু সংবিধান ৰক্ষা কৰাৰ নিৰ্বাচন।'

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰি খাৰ্গে কয় যে, মোডীয়ে সকলো সময়তে সবকা সাথ, সবকা বিকাশৰ কথা কয়, কিন্তু বিকাশটো দূৰৰ কথা সত্যনাশ হে হৈছে’ বুলি মন্তব্য কৰে ।

উক্ত সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিং, ৰাজ্যসভাৰ সাংসদ ড০ নাছেৰ হুছেইন, কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, দেৱব্রত শইকীয়া, গুৱাহাটীৰ প্রাৰ্থী মীৰা বৰঠাকুৰ উপস্থিত থাকে।

উল্লেখযোগ্য যে এই সংবাদমেল সম্বোধন কৰাৰ পিছতেই কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধক্ষ্যগৰাকীয়ে বৰপেটা সমষ্টিৰ দলীয় প্রার্থী দ্বীপ বায়নৰ হৈ ভবানীপুৰৰ সৰভোগৰ ফুলগুৰিত আজি বিয়লি এখন নির্বাচনী সভাত অংশগ্রহণ কৰিব।

গুৱাহাটীত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকার্জুন খার্গেৰ সংবাদমেল...
শোণিতপুৰত হাতীৰ আক্ৰমণত নিহত ৩জন
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in