উপ নিৰ্বাচনক লৈ কংগ্ৰেছৰ গোপন ৰণনীতি! ৰাজীৱ ভৱনত সিদ্ধান্ত লৈ 'লিলি'ত কাৰ্যকৰী..

উপ নিৰ্বাচনক লৈ কংগ্ৰেছৰ গোপন ৰণনীতি! ৰাজীৱ ভৱনত সিদ্ধান্ত লৈ 'লিলি'ত কাৰ্যকৰী..

author-image
Asomiya Pratidin
New Update
উপ নিৰ্বাচনক লৈ কংগ্ৰেছৰ গোপন ৰণনীতি! ৰাজীৱ ভৱনত সিদ্ধান্ত লৈ 'লিলি'ত কাৰ্যকৰী..

ডিজিটেল ডেস্কঃ শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। আগন্তুক উপ নিৰ্বাচনক লৈ অনুষ্ঠিত হোৱা এই বৈঠকখনত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই বৈঠকত গ্ৰহণ কৰা আটাইবোৰ সিদ্ধান্ত বৰ্তমানলৈকে গোপনে ৰাখিছে কংগ্ৰেছে। জিতেন্দ্ৰ সিঙৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই বৈঠকখনৰ অন্তত কংগ্ৰেছ নেতাসকলক বৈঠকখনৰ সন্দৰ্ভত প্ৰশ্ন কৰা হৈছিল যদিও তেওঁলোকে পোনপতীয়াকৈ উত্তৰ দিয়াৰ পৰা বিৰত থাকে।

Advertisment

ইফালে এই  বৈঠকতে সিদ্ধান্ত বিহালী সমষ্টিৰ বাবে কমিটী গঠন কৰাৰ সিদ্ধান্তও লয় প্ৰদেশ কংগ্ৰেছে। এই কমিটীত কংগ্ৰেছৰ কোনো এজন সদস্য নথকাৰ সিদ্ধান্তও ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা বৈঠকতে গ্ৰহণ কৰা হয়। ইফালে গোপন এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি, চিডলী সমষ্টিক লৈ কংগ্ৰেছে আজিৰ বৈঠকত এক নতুন ৰণনীতি প্ৰস্তুত কৰিছে।

আনফালে এই বৈঠকৰ পাছতে গুৱাহাটীস্থিত হোটেল লিলিত অসম সন্মিলিত মঞ্চ চমুকৈ 'অসম’ৰ উমৈহতীয়া প্ৰাৰ্থী সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত আজি ৫ জনীয়া কমিটি গঠন কৰা হয়। সাংসদ অজিত কুমাৰ ভূঞা, বিধায়ক অখিল গগৈ, অসম সন্মিলিত মঞ্চৰ সম্পাদক লুৰীণজ্যোতি গগৈ, চিপিএমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ আৰু জন ইংতি কাথাৰক লৈ গঠন কৰা এই কমিটিখনে বিহালী সমষ্টিৰ উপ-নিৰ্বাচনত অসমৰ প্ৰাৰ্থী সন্দৰ্ভত আলোচনা কৰি এক প্ৰতিবেদন দাখিল কৰিব।

অসমৰ আজিৰ বৈঠকখনত নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙো উপস্থিত আছিল। অসমৰ সভাপত ভূপেন কুমাৰ বৰাৰ সঞ্চলনাত অনুষ্ঠিত বৈঠকখনত ১৮টা ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। বৈঠকত চিপিএম, চিপিআই, চিপিআইএমএলকে ধৰি একাংশ নেতাই ২০২৬লৈকে মিত্ৰজোঁটৰ শক্তি অটুত ৰাখিবৰ বাবে বিহালী বিধানসভা সমষ্টিটোত চিপিআইএমএলৰ বিবেক দাসক প্ৰাৰ্থিত্ব দিয়াৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰে।

ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বিজেপি চৰকাৰক প্ৰতিহত কৰাৰ স্বাৰ্থত উমৈহতীয়া প্ৰাৰ্থী হিচাপে বিবেক দাসৰ নাম প্ৰস্তাৱ কৰে। একেদৰে অজিত কুমাৰ ভূঞাইয়ো বিজেপিৰ বিৰুদ্ধে শক্তিশালী ভূমিকা গ্ৰহণ কৰাৰ বাবে উমৈহতীয়া প্ৰাৰ্থীৰ পোষকতা কৰে। কংগ্ৰেছ দলৰ হৈ দেৱব্ৰত শইকীয়াই বক্তব্য প্ৰদান কৰে।

নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ পৰামৰ্শ অনুযায়ী সভা পৰিচালনা কৰা অসমৰ সভাপতি ভূপেন কুমাৰ বৰাই এই সন্দৰ্ভত এখন প্ৰতিবেদন কংগ্ৰেছ হাইকমাণ্ডক দাখিল কৰিবৰ বাবে ওপৰত উল্লেখ কৰা ৫জন নেতাক লৈ কমিটিখন ঘোষণা কৰে। এই কমিটিখনে ১৯-২০ অক্টোবৰৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ কথা।

Also Read: নগাঁৱত আছুৰ বন্তি প্ৰজ্বলন...

কংগ্ৰেছ