নগাঁৱত আছুৰ বন্তি প্ৰজ্বলন...

নগাঁৱত আছুৰ বন্তি প্ৰজ্বলন...

author-image
Asomiya Pratidin
New Update
নগাঁৱত আছুৰ বন্তি প্ৰজ্বলন...

ডিজিটেল সংবাদ,নগাঁও : উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে নাগৰিকত্ব আইনৰ ৬ (ক)দফা সাংবিধানিক ভাবে বৈধ ঘোষণা কৰাত সদৌ অসম ছাত্ৰ সন্থাৰ ( আছু) সদস্য ও সদস্য সকল উৎফুল্লিত হৈ পৰিছে। উচ্চতম ন্যায়ালয়ে অসমৰ বিদেশী চিনাক্তকৰণৰ ভিত্তি বছৰ ১৯৭১ চন নিৰ্ধাৰণ কৰাৰ বাবে আজি ৰাজ্যখনৰ লগতে নগাঁও জিলাটো সদৌ নগাঁও জিলা ছাত্র সন্থাৰ নেতৃত্বত আছু কৰ্মী সকলে এক কাৰ্যসূচী ৰূপায়ন কৰে।

Advertisment

অসম আন্দোলনৰ শ্বহীদ সকলৰ স্মৃতিত আছু কৰ্মী সকলে আজি সন্ধিয়া বন্তি প্ৰজ্বলন কৰে। জিলা ছাত্র সন্থাৰ লগতে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা , চামগুৰি ,পুৰণিগুদাম ,কামপুৰ, ৰহা ,হাতীচোং , নগাঁও সদৰ আঞ্চলিক , ধিং ,ৰূপহী , দক্ষিণ নগাঁও আদি আঞ্চলিক ছাত্র সন্থাই নিজ নিজ এলেকাত বন্তি প্ৰজ্বলন কৰে।

নগাঁও জিলা ছাত্ৰ সন্থাই এই সন্দৰ্ভত কয় যে আমি উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাইছো।উচ্চতম ন্যায়ালয়ৰ এই ৰায়ে ঐতিহাসিক অসম আন্দোলন যে শুদ্ধ আছিল সেয়া প্ৰতিপন্ন হল বুলি উল্লেখ কৰি জিলা ছাত্ৰ সন্থাই অসম চুক্তি নিৰ্ধাৰিত সময়ৰ ভিতৰত কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক দাবী জনায়।

নগাঁও চহৰত জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত বন্তি প্ৰজ্বলন অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক গৌৰীশংকৰ শইকীয়া ,জিলা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত বৰা ,সাধাৰণ সম্পাদক কংকনজ্যোতি বৰুৱা ,অসম আন্দোলনৰ নেতা ড : শৰৎ বৰকটকী ,দিপীকা লস্কৰ ,প্ৰাক্তন ছাত্ৰ নেতা সকলে অংশগ্ৰহণ কৰে।

Also Read: পুত্ৰক হত্যা কৰি ৰচিছিল নাটক! মাৰ্ঘেৰিটাত গ্ৰেপ্তাৰ মাতৃ...

নগাঁও ছাত্ৰ সন্থা