আমাৰ প্ৰাৰ্থী নাই NOTA-কে ভোট দিয়কঃ কংগ্ৰেছ

আমাৰ প্ৰাৰ্থী নাই NOTA-কে ভোট দিয়কঃ কংগ্ৰেছ

author-image
Asomiya Pratidin
New Update
আমাৰ প্ৰাৰ্থী নাই NOTA-কে ভোট দিয়কঃ কংগ্ৰেছ

ডিজিটেল ডেস্কঃ আজি দেশত অনুষ্ঠিত হৈছে লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। দেশৰ ৯খন ৰাজ্য আৰু এটা কেন্দ্রীয় শাসিত অঞ্চলৰ মুঠ ৯৬টা সমষ্টিত পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫বজালৈ ভোটগ্রহণ কৰা হ'ব।

Advertisment

এই নিৰ্বাচন চলি থকাৰ মাজতেই চৰ্চালৈ আহিছে মধ্য প্ৰদেশৰ ইন্দোৰ সমষ্টি। ইন্দোৰ সমষ্টিত কংগ্ৰেছৰ হৈ মনোনয়ন দাখিল কৰা প্ৰাৰ্থী অক্ষয় কান্তি বামে নিৰ্বাচনৰ প্ৰাকমূহুৰ্ততে কংগ্ৰেছ দলক চৰম আঘাত সনাৰ কথাই চৰ্চা লাভ কৰিছে।

জানিব পৰা মতে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন দাখিল কৰাৰ অন্তিম মুহূৰ্তত দল ত্যাগ কৰি বিজেপিত যোগদান কৰে। প্ৰাৰ্থীগৰাকীৰ এনে বিশ্বাসঘাতকতা মুঠেই সহ্য কৰিব পৰা নাই প্ৰদেশ কংগ্ৰেছৰ নেতৃবৰ্গই।

অক্ষয় কান্তি বামৰ এনে দল বিৰোধী কৰ্ম-কাণ্ডকলৈ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই প্ৰতিশোধ ভাৱ লৈ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ভোটাৰসকলক NOTAৰ সদব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। প্ৰাৰ্থীগৰাকীৰ এনে কৰ্ম-কাণ্ডৰ ফলত উক্ত সমষ্টিটোত আসন হেৰুওৱা কংগ্ৰেছে এই মনোভাৱেৰে নিৰ্বাচনী প্ৰচাৰ চলাই। উল্লেখযোগ্য যে চতুৰ্থ পৰ্যায়ৰ বাবে মধ্য প্ৰদেশত ৮সমষ্টিৰ বাবে লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছে।

Also Read: আহমেদাবাদত আজি কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখত গুজৰাট টাইটানছ

madhya pradesh nota loksabha election congress