/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-12/9sw1i9qu/1.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ মাজ জাজৰিত দেওবাৰে ত্যাগবীৰ হেমবৰুৱা মৃত্যু দিৱস দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয়। পুৱা পতাকা উত্তোলন কৰে ত্যাগবীৰ হেমবৰুৱা কেন্দ্ৰৰ সভাপতি দুগ্ধ ৰাজখোৱাই আৰু স্মৃতি তৰ্পণ কৰে সমাজ কৰ্মী প্ৰমোদ শৰ্মা বৰুৱাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-12/9au4dqi6/4467fe9c-30a5-4145-a304-452f929d4e65.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-12/vjmnn5l7/5134b107-692b-4213-87dc-7fd3c9bec115.jpg)
বিয়লি ৪ বজাত অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজ কৰ্মী গগন চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত ২০২৩-২৪ চনৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা মাজ জাজৰি অঞ্চলৰ ২০জন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। সভাত অঞ্চলৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক আশীৰ্বাদ আৰু শুভেচ্ছা জ্ঞাপন কৰি ভাষণ ৰাখে। উক্ত সভাত ছাত্ৰ - ছাত্ৰীসকলৰ লগতে অভিভাৱক-আভিভাৱিকা, অতিথি সহ শতাধিক লোক উপস্থিত থাকে। অনুষ্ঠানৰ লগত সংগতি ৰাখি সন্ধিয়া বন্তি প্ৰজ্বলন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-12/55951jpi/ef795f10-05c3-43e4-8070-278958c411a4.jpg)
Also Read: বিশ্বনাথত 'হৰ ঘৰ ত্ৰিৰংগা 'সজাগতা ৰেলী......