বিশ্বনাথত 'হৰ ঘৰ ত্ৰিৰংগা 'সজাগতা ৰেলী......

বিশ্বনাথত হৰ ঘৰ ত্ৰিৰংগা সজাগতা ৰেলী......

author-image
Asomiya Pratidin
New Update
বিশ্বনাথত 'হৰ ঘৰ ত্ৰিৰংগা 'সজাগতা ৰেলী......

ডিজিটেল সংবাদ, বিহালী: দেশজুৰি উদযাপিত হৈ থকা হৰ ঘৰ ত্ৰিৰংগা কাৰ্যক্ৰমণিকাৰ অধীনত বিশ্বনাথ জিলা প্ৰশাসনেও সোমবাৰে পুৱা ৯বজাত এক ৰেলী উলিয়াই। বিশ্বনাথৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ পৰা আৰম্ভ হোৱা এই তিৰংগা যাত্ৰা বিশ্বনাথৰ আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদত সামৰণি পৰে।

Advertisment

উক্ত পদযাত্ৰাত প্ৰায় এশৰো অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰাৰ লগতে বিশ্বনাথৰ আয়ুক্ত ডাঃ নেহা যাদৱ, অতিৰিক্ত আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, জিলা শিশু সুৰক্ষা বিষয়া জয় দলে, জিলা ক্ৰীড়া বিষয়া অংকুৰ জ্যোতি পাঠককে ধৰি প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়া বৰ্গই অংশ গ্ৰহণ কৰে।

Also Read: কামৰূপ জিলাত 'প্ৰয়াস' কাৰ্যসূচীৰ সফল ৰূপায়ন...

Bishwanath har ghar tiranga