ক্ৰিকেটাৰ ৰিয়ান পৰাগলৈ অভিনন্দন বঢ়মপুৰ ক্ৰীড়া সন্থাৰ...

ক্ৰিকেটাৰ ৰিয়ান পৰাগলৈ অভিনন্দন বঢ়মপুৰ ক্ৰীড়া সন্থাৰ...

author-image
Asomiya Pratidin
New Update
ক্ৰিকেটাৰ ৰিয়ান পৰাগলৈ অভিনন্দন বঢ়মপুৰ ক্ৰীড়া সন্থাৰ...

ডিজিটেল সংবাদ, বঢ়মপুৰঃ অসমৰ পৰা পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয় জাতীয় ক্ৰিকেটৰ পুৰুষ দলত স্থান লাভ কৰা ৰিয়ান পৰাগক লৈ উৎফুল্লিত হৈ পৰিছে সমগ্ৰ অসমবাসী। ইয়াৰ সমান্তৰালকৈ বঢ়মপুৰ ক্ৰীড়া সন্থাৰ ফালৰ পৰাও মঙলবাৰে ক্ৰিকেটাৰ ৰিয়ান পৰাগলৈ অভিনন্দন জনোৱা হয়।

এই উদ্দেশ্যে বঢ়মপুৰৰ শ্বহীদ ঠগী সূত ক্ৰীড়া প্ৰকল্পত মঙলবাৰে বিয়লি বঢ়মপুৰ ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক প্লাৱন বৰুৱাৰ সভাপতিত্বত ৰিয়ান পৰাগক অভিনন্দন জনোৱাৰ উদ্দেশ্যে এখন বিশেষ সভা অনুষ্ঠিত হয়। সভাত প্ৰাক্তন ৰাজ্যিক খেলুৱৈ প্ৰীতম কোঁৱৰ, প্ৰমোদ কোঠাৰী, শোণিত বৰুৱা, ভলীবল খেলুৱৈ জীৱন সুৰাণাকে প্ৰমুখ্য কৰি প্ৰশিক্ষার্থী, খেলুৱৈসকলৰ লগতে অভিভাৱকসকল উপস্থিত থাকে ।

Also Read: এজাক বৰষুণতে জলমগ্ন বৰপথাৰ নগৰ...

riyan parag brahampur