এজাক বৰষুণতে জলমগ্ন বৰপথাৰ নগৰ...

জল নিষ্কাষণৰ সুপৰিকল্পিত ব্যৱস্থাৰ অভাৱৰ বাবে এনে হোৱাৰ অভিযোগ
এজাক বৰষুণতে জলমগ্ন বৰপথাৰ নগৰ...
এজাক বৰষুণতে জলমগ্ন বৰপথাৰ নগৰ...
Published on
Updated on

ডিজিটেল সংবাদ উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ বৰপথাৰ পৌৰসভা এলেকাৰ মূল পথৰ সিংহ ভাগেই এজাক বৰষুণতে জলমগ্ন হ'বলৈ লোৱাত স্থানীয় ব্যৱসায়ীসকলকে ধৰি বিভিন্ন জন আহুকালৰ সন্মুখীন হৈ আহিব লগা হৈছে। সোমবাৰে গধূলি হোৱা এজাক বৰষুণত নগৰখনৰ মূল পথৰ ওপৰত একাঁঠু পানী জমা হয়।

চলিত বাৰিষা কালছোৱাত নগৰখনত এনে দৃশ্য প্ৰায় সুলভ হৈ পৰিছে। নগৰখনত এনে পৰিস্থিতি সৃষ্টি হোৱাৰ ফলত ব্যৱসায়ীসকল বিভিন্ন ক্ষেত্ৰত লোকচানৰ সন্মুখীন হোৱাৰ লগতে সাধাৰণ লোকসকলো সমস্যাৰ সন্মুখীন হয়। নগৰখনৰ পৰা পানী নিষ্কাষণৰ বাবে নিৰ্মাণ কৰা নলাসমূহৰ বেছিভাগ সুপৰিকল্পিত নোহোৱা, নগৰখনৰ কাষত থকা জলাশয়সমূহ বিভিন্ন কাৰণত পুতি পেলোৱা, নগৰৰ আশে-পাশে থকা কৃষিভূমি তথা দ অঞ্চলত গৃহ নিৰ্মাণ আদি কৰা, নগৰখনৰ কাষেৰে অতীতৰ পৰা বৈ থকা জান পুতি পেলোৱা আদি কাৰকৰ বাবেই বৰপথাৰ পৌৰ এলেকাত বৰ্তমানৰ পৰিস্থিতি উদ্ভৱ হ'বলৈ পাইছে বুলি বিভিন্ন মহলে মন্তব্য কৰিছে।

তাৎপৰ্যপূৰ্ণ যে কৌটি কালৰ পৰা বৈ থকা জানসমূহ মানুহে পুতি তাৰ ওপৰত গৃহ আদি নিৰ্মাণ কৰা কাৰ্য কিদৰে সম্ভৱ হৈছে সেয়া প্ৰকৃততে বিচাৰ্যৰ বিষয়। সময় থাকোঁতেই সুপৰিকল্পিত কাৰ্য ব্যৱস্থা গ্ৰহণ নকৰিলে অদূৰ ভৱিষ্যতে বৰপথাৰ নগৰবাসীয়ে নিশ্চিত ভাৱে যমৰ যাতনা ভূগিব লগা হ'ব।

এজাক বৰষুণতে জলমগ্ন বৰপথাৰ নগৰ...
মুছলপুৰত বাক্সা বিজেপিৰ ক'লা দিৱস পালন..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in