কনক্লেভ-২০২৪: দিল্লীত মত বিনিময় প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালক স্মিতাক্ষী বি গোস্বামীৰ

কনক্লেভ-২০২৪: দিল্লীত মত বিনিময় প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালক স্মিতাক্ষী বি গোস্বামীৰ

author-image
Asomiya Pratidin
New Update
কনক্লেভ-২০২৪: দিল্লীত মত বিনিময় প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালক স্মিতাক্ষী বি গোস্বামীৰ

ডিজিটেল ডেস্কঃ বিগত দুবছৰৰ সাফল্যৰ পাছত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো সংবাদ গোষ্ঠী হিচাপে 'সাদিন প্ৰতিদিন গোষ্ঠী'য়ে এইবেলিও ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত 'দ্যা কনক্লেভ-২০২৪' ৰ আয়োজন কৰিছে।

Advertisment

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাৰাজিৰ বিষয়ে কনক্লেভৰ জৰিয়তে উত্থাপন কৰাৰ যি প্ৰয়াস সেই প্ৰয়াসৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি চলিত বৰ্ষৰ ৫অক্টোবৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে 'সাদিন প্ৰতিদিন গোষ্ঠী'য়ে ব্যাপক আয়োজনেৰে তৃতীয়বাৰৰ বাবে অনুষ্ঠিত কৰিছে 'দ্যা কনক্লেভ-২০২৪'।

এই উপলক্ষে শুকুৰবাৰে নতুন দিল্লীৰ আছাম হাউছত প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালক স্মিতাক্ষী বি গোস্বামীয়ে " দ্য কনক্লেভ -২০২৪ " সম্পৰ্কত দিল্লী তথা ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰৰ প্ৰবাসী অসমীয়া এছ'চিয়েচন তথা ছাত্ৰ সংগঠন সমূহৰ লগত এক মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷

৫ আৰু ৬ অক্টোবৰত দিল্লীৰ হোটেল অশোকত দুদিনীয়া কায্যসূচীৰে আয়োজন কৰা দ্য কনক্লেভ-২০২৪" ত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব দেশৰ উপ ৰাষ্ট্ৰপতি জগদ্বীপ ধনখৰ ৷ আনহাতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কিৰেণ ৰিজিজু, নবেল বঁটা বিজয়ী কৈলাশ সত্যাৰ্থী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ,কংগ্ৰেছ নেতা শশীন পাইলট,যোগেন্দ্ৰ যাদৱৰ দৰে ব্যক্তিয়ে এইবাৰৰ কনক্লেভত পেনেলিষ্ট হিচাপে অংশগ্ৰহণ কৰিব।

লগতে কনক্লেভত উপস্থিত থাকিব অসম কন্যা লাভলীনা বৰগোহাঁই,সাংসদ দিলিপ শইকীয়া,বিটিআৰ প্ৰধান প্ৰমোড বড়ো,বিধায়ক অখিল গগৈ,অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈ,শিল্পী জয় বৰুৱাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি। দ্য কনক্লেভ -২০২৪ ত দিল্লীবাসী অসমীয়া ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে স্মিতাক্ষী বি গোস্বামীয়ে ৷

Also Read: ধেমাজিত ৬০দিনীয়া ধঁপাতমুক্ত যুৱ অভিযান ২.0ৰ আৰম্ভণি অনুষ্ঠান...

Conclave 2024