ধেমাজিত ৬০দিনীয়া ধঁপাতমুক্ত যুৱ অভিযান ২.0ৰ আৰম্ভণি অনুষ্ঠান...

ধেমাজিত ৬০দিনীয়া ধঁপাতমুক্ত যুৱ অভিযান ২.0ৰ আৰম্ভণি অনুষ্ঠান...
Published on
Updated on

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত শুক্ৰবাৰৰ পৰা জিলাখনত আৰম্ভণি হৈছে ধঁপাতমুক্ত ২.0ৰ ষাঠিদিনীয়া যুৱ অভিযান ৷ এই উপলক্ষে ধেমাজি জিলা যুটীয়া স্বাস্থ্য সেৱা কাৰ্য্যালয়ৰ প্ৰাংগনৰ ধেমাজি স্বাস্থ্য ভৱনত অনুষ্ঠিত হোৱা আৰম্ভণি অনুষ্ঠানটোত জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ কুলেন চন্দ্ৰ বুঢ়াগোহাঁই, অতিৰিক্ত মুখ্য চিকিৎসা বিষয়া ডাঃ জগত মোহন প্ৰসাদ, মহকুমা স্বাস্থ্য বিষয়া ডাঃ যোগেন দাস, জিলা প্ৰতিষেধক বিষয়া ডাঃ পূণ্য দেউৰী, জিলা যক্ষ্মা বিষয়া ডাঃ ধৰ্মকান্ত দেউৰী,খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ইনচাৰ্জ ডাঃ দিব্য শৰ্মাই ধঁপাত সেৱনৰ ফলত হোৱা বিভিন্ন ৰোগ, ধঁপাত সেৱনে কঢ়িয়াই অনা যাতনা আদি বৰ্ণনা কৰাৰ লগতে এখন ধঁপাতমুক্ত সমাজ গঢ়াৰ ক্ষেত্ৰত ল’বলগীয়া কৰণীয় সন্দৰ্ভত আলোকপাত কৰে ৷

জিলা নডেল বিষয়া তথা মহকুমাৰ স্বাস্থ্য বিষয়া স্কুল হেল্ড ডাঃ কৰৱী বৰগোহাঁইয়ে আঁত ধৰা সভাখনত ধেমাজি জিলা সাংবাদিক সংস্থাৰ সম্পাদক জীৱন কোঁৱৰেও ধঁপাত নিয়ন্ত্ৰণ আৰু ধঁপাতমুক্ত কৰাৰ ক্ষেত্ৰত তেওঁ নিজেই গ্ৰহণ কৰা পদক্ষেপৰ কথা উল্লেখ কৰি জিলা প্ৰশাসনে ইতিমধ্যে ধঁপাতমুক্ত ঘোষণা কৰা গাওঁসমূহত পুনৰ সজাগতা সভা আৰু অভিযান চলাবলৈ আহ্বান জনায় বক্তব্য ৰাখে ৷

নডেল বিষয়া ডাঃ কৰৱী বৰগোহাঁইয়ে জানিবলৈ দিয়া মতে জোনাই ব্লকত পাঁচখন গাওঁ সম্পূৰ্ণ ধঁপাতমুক্ত কৰাৰ বাবে ইতিমধ্যে সজাগতা সভা আৰু অভিযান চলাই থকা লগতে কটপা(COTPA) এক্ট ২০০৩ আইন অনুসৰি জিলাখনৰ ১৩ ঠাইত ধঁপাত বিক্ৰী বলবৎ ও জৰিমনা কৰে ৷

ষাঠিদিনীকৈ আয়োজন কৰা এই অভিযানৰ সময়চোৱাত বিশেষভাৱে বিদ্যালয় সমূহতো এই অভিযান চলিব বুলি উল্লেখ কৰে ৷ এইক্ষেত্ৰত সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে জিলা ধঁপাত নিয়ন্ত্ৰণ বিভাগে ৷ সভাত ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰাৰ লগতে স্বাস্থ্য বিভাগ , আৰক্ষী বিভাগ , জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্য্যালয়ৰ এচ আৰ এল এমৰ বিষয়া কৰ্মচাৰী উপৰিও বিভিন্ন বিভাগৰ বিষয়া-কৰ্মী, আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী আৰু ভালেসংখ্যক সচেতন লোকে অংশগ্ৰহণ কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in