/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-06/kof2vzrj/okok.jpg)
ডিজিটেল ডেস্কঃ সাদিন-প্ৰতিদিন গোষ্ঠীয়ে দিল্লীত আয়োজন কৰা 'দ্য কনক্লেভ-২০২৪'ৰ আজি দ্বিতীয়টো দিন। দ্বিতীয় দিনটোৰ প্ৰথমটো আলোচনা সত্ৰত উপস্থিত থাকে দিল্লীৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনা। এই সত্ৰখনিৰ আঁত ধৰে স্মিতাক্ষী বি গোস্বামীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-06/68x7atb6/aa6ed27a-cbf4-4fa9-8181-268f184f5339.jpg)
আলোচনা সত্ৰৰ প্ৰথমতে দিল্লী নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে সাদিন-প্ৰতিদিন গোষ্ঠীক। আৰম্ভণিত স্মিতাক্ষী বি গোস্বামীয়ে প্ৰশ্ন কৰে যে, ইমান উচ্চশিক্ষিত হৈ কিয় তেওঁ ৰাজনীতিক বাচি ল'লে? এই প্ৰশ্নৰ উত্তৰ প্ৰদান কৰি দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, সামাজিক কাম-কাজৰ সৈতে জড়িত হৈ থাকি সমাজৰ সমস্যাবোৰৰ বিষয়ে দ'কৈ অধ্যয়ন কৰিবলৈ সুযোগ লাভ কৰিছিলো। যাৰ ফলত দুৰ্নীতিৰ বিৰুদ্ধে আৰম্ভ কৰা আন্দোলনত জড়িত হৈ পৰিছিলো। মই ভাৱো যে, ৰাজনীতি হৈছে এনে এটা প্ৰক্ৰিয়া যিটো প্ৰক্ৰিয়াৰ যোগেৰে সমাজৰ আমূল পৰিৱৰ্তন সাধন কৰিব পাৰি। যাৰ ফলত মই ৰাজনীতিতে বুলি থিৰাং কৰিছিলো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-06/4c77c7mo/a6450ae2-b91f-44f1-8171-7ca855944917.jpg)
দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আলোচনাৰ প্ৰসংগত কয় যে, বিগত ১০বছৰত দিল্লীত আপৰ চৰকাৰে ২৫লাখ শিশুৰ জীৱন সলনি কৰিবলৈ, জীৱন ধাৰণ উন্নত কৰিবলৈ সক্ষম হৈছে। এয়া এক ডাঙৰ প্ৰাপ্তি বুলি আমি ভাৱো। দিল্লীবাসীয়ে এতিয়া আপৰ বিকল্প নাই বুলি ধৰি লৈছে। ইয়াৰ অন্তৰালত আছে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ কামৰ ৰাজনীতি। তেওঁ যি প্ৰতিশ্ৰুতি জনতাক প্ৰদান কৰিছিল, সকলোখিনি কৰিবলৈ সক্ষম হৈছে। দিল্লীবাসীয়ে এতিয়া ২৪ঘন্টাই বিদ্যুত লাভ কৰে। কিন্তু বিজেপি শাসিত ২০খন ৰাজ্যত এনে সেৱা উপলদ্ধ হৈছেনে, সেইবোৰ প্ৰশ্ন জনতাই শেহতীয়াকৈ উত্থাপন কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-06/jqnf7u42/77a7e1f9-14cf-461d-b526-917f2c865c08.jpg)
স্মিতাক্ষী বি গোস্বামীয়ে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰে যে, দিল্লীত অধ্যয়নৰত উত্তৰ-পূৰ্বৰ শিক্ষাৰ্থীসকলৰ বাবে বিশেষ কোনো পৰিকল্পনা আছেনে? সেই প্ৰশ্নৰ উত্তৰত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, অচিৰেই উত্তৰ-পূবৰ শিক্ষাৰ্থীসকলৰ সৈতে এক আলোচনাত মিলিত হোৱা চিন্তা-চৰ্চা কৰিছো। এই আলোচনাত আমি সকলোখিনি সমস্যাৰ পুংখানুপুংখ আলোচনা কৰিম।
আলোচনাৰ বিভিন্ন প্ৰসংগৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ স্বাস্থ্যখণ্ডক লৈ তীক্ষ্ণ সমালোচনা কৰে। তেওঁ কয় যে, অসমৰ তুলনাৰ উত্তৰ-পূবৰ বাকী ৰাজ্যকেইখন তুলনামূলকভাৱে কম উন্নত, যাৰ বাবে তেওঁলোকে উন্নত স্বাস্থ্য সেৱা বাবে অসমৰ ওপৰত নিৰ্ভৰ কৰিব লাগিছিল। কিন্তু তেনে পৰিৱেশ আমি দেখা নাই। উত্তৰ-পূবৰ প্ৰায় সকলোকেইখন ৰাজ্যই উন্নত চিকিতসাৰ বাবে দিল্লীলৈ আহে। এয়াও আমাৰ চৰকাৰৰ এক ডাঙৰ কৃৰ্তিত্ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-06/6lk2ucf6/c4994b3d-f934-45dc-832d-2bd62c680063.jpg)
দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে আওপকীয়াকৈ অসম চৰকাৰক কটাক্ষ কৰি কয় যে, অসমৰ বৰ্তমানৰ চৰকাৰে সাধাৰণ জনতাৰ স্বাস্থ্যৰ কথা চিন্তা নকৰে। যাৰ বাবে আমি বিৰোধীয়ে এই বিষয়টোক লৈ ইচ্ছ্যু হিচাপে থিয় কৰাব পাৰিছো। ইয়াৰ বিপৰীতে দিল্লীৰ স্বাস্থ্যখণ্ডত অভূতপূৰ্ব পৰিৱৰ্তন আহিছে। তাৰ সুফল সাধাৰণ জনতা তথা দিল্লীবাসীয়ে লাভ কৰিছে।
দিল্লীত বৰ্তমান বিশ্বৰ ভিতৰতে সৰ্বাধিক চি চি কেমেৰা আছে। যদিও দিল্লীৰ আইন-শৃংখলাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ হাতত ন্যস্ত, তথাপিও আমি জনতাৰ সুৰক্ষাৰ বাবে এনে বিভিন্ন কাম কৰি আহিছো। আম আদমী পাৰ্টিয়ে সদায় সাধাৰণ জনতাৰ আৱাজ হৈ থিয় দিয়ে। দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ৰাজনৈতিক দলবোৰে কেৱল ভোট দিয়া মানুহৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিব নালাগে। কেৱল পুজিঁপতিসকলৰ কথা ভাৱিব নালাগে। কিন্তু দুখৰ বিষয় যে, আমাৰ দেশৰ প্ৰায় সংখ্যক ৰাজনৈতিক দলে এনে কামেই কৰে।
আগন্তুক দিল্লীৰ নিৰ্বাচনত আপে সন্তুোষজনক ফলাফল লাভ কৰিবলৈ সক্ষম হবনে বুলি সোধা প্ৰশ্নৰ উত্তৰত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, নিশ্চিতভাৱে দিল্লীত পুনৰ আপৰ চৰকাৰ আহিব। দিল্লীবাসীয়ে এতিয়া বিকল্প একো ভৱা নাই। বিজেপিয়ে বাৰে বাৰে আম আদমী পাৰ্টিক ক্ষতি কৰিবলৈ চেষ্টা কৰি আছে যদিও পৰা নাই। কিয়নো আমি সাধাৰণ জনতাৰ হৈ কাম কৰো। আপৰ বিৰুদ্ধে বিজেপিয়ে দুগুণ ষড়যন্ত্ৰ কৰে। প্ৰথমে নেতাসকলক কাৰাৰুদ্ধ কৰা আৰু তাৰ পিছত দলৰ কাম-কাজ ৰুদ্ধ কৰাৰ চেষ্টা কৰে। জনতাৰ হৈ কাম কৰা নেতাসকলক কাৰাৰুদ্ধ কৰাৰ প্ৰত্যুত্তৰ আগন্তুক দিল্লী নিৰ্বাচনত ৰাইজে প্ৰদান কৰিব বুলিও কয় দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।
বিজেপি চৰকাৰৰ বিৰুদ্ধে আৰু অধিক ক্ষোভ উজাৰি আতিশী মাৰ্লেনাই লগতে কয় যে, আমাৰ বিৰুদ্ধে ইডি, চিবিআই লগাইও এক পইচাও উদ্ধাৰ কৰিব নোৱাৰিলে। বিজেপিৰ কোনো মুখ্যমন্ত্ৰী হোৱা হ'লে আসনৰ পৰা আতঁৰি দিলেহেতেন। কিন্তু কেজৰিৱাল ডাঙৰীয়া আছিল দুৰ্নীতিমুক্ত আৰু সাহসী। যাৰ বাবে তেওঁ যুজঁ দিলে। কেজৰিৱাল ডাঙৰীয়াই আমাক কৈছিল যে, এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক বদনাম কৰিব পৰা অধিকাৰ কেৱল জনতাৰ হাতত থাকে। বেলেগৰ ওচৰত সেই অধিকাৰ নাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-06/lb4ht1t2/5961d6d6-0b84-4154-b096-72bf39c73e8a.jpg)
আমি দিল্লীবাসী তথা দেশবাসীৰ কন্ঠ হ'বলৈ, তেওঁলোকৰ কাম কৰিবলৈ আহিছো। অৰবিন্দ কেজৰিৱালে শূণ্যৰ পৰা আৰম্ভ কৰিছে দলতো। আমি কোনো ৰাজনৈতিক পটভূমিৰ পৰা অহা নাই নাইবা আমাৰ কোনো ৰাজনৈতিক লালসা নাই। আমাৰ কাম কৰাৰ মানসিকতা হয়তো ৰাইজে দেখা পাইছে আৰু সেই বাবেই সমগ্ৰ দেশত এক আমূল পৰিৱৰ্তনৰ আশাৰে আপক সহাঁৰি দিছে।
উল্লেখ কৰা প্ৰয়োজন যে, সাদিন প্ৰতিদিন গোষ্ঠীয়ে এইবেলি দ্য কনক্লেভ-২০২৪ৰ আয়োজন কৰিছে দিল্লীস্থিত দ্য অশোকত। ইতিমধ্যে প্ৰথম দিনৰ কাৰ্যসূচীত বহুকেইগৰাকী বিশিষ্ট ৰাজনীতিবিদ তথা কেন্দ্ৰীয় মন্ত্ৰীয়ে অংশ লয় এই আলোচনা সত্ৰত। ৰাজনীতিৰ পৰা আৰম্ভ কৰি সামাজিক আৰু পৰিৱেশভিত্তিক বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হয় প্ৰথম দিনটোৰ কাৰ্যসূচীত।
Also Read: স্মিতাক্ষী বি গোস্বামীৰ সন্মুখত দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী...