স্মিতাক্ষী বি গোস্বামীৰ সন্মুখত দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী...

দ্য কনক্লেভ-২০২৪ ৰ দ্বিতীয় দিনৰ প্ৰথম আলোচনা

author-image
Asomiya Pratidin
New Update
স্মিতাক্ষী বি গোস্বামীৰ সন্মুখত দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী...

স্মিতাক্ষী বি গোস্বামীৰ সন্মুখত দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী...

ডিজিটেল ডেস্কঃ 'দ্য কনক্লেভ-২০২৪' প্ৰথম দিনৰ সফল সমাপ্তিৰ পাছত আজি দ্বিতীয় দিনৰ কাৰ্যসূচী পুৱা ৯-৪৫ বজাৰ পৰা আৰম্ভ হৈছে। প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালিকা স্মিতাক্ষী বি গোস্বামীয়ে আঁতধৰা আজিৰ প্ৰথমখন আলোচনাত অংশগ্ৰহণ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে।

Advertisment

মূলতঃ ৰাজনৈতিক বিষয় সামৰি লোৱা এই আলোচনাত মহিলা, শিশু, শিক্ষাৰ্থীৰ বিভিন্ন দিশো অন্তৰ্ভুক্ত হৈছে। উল্লেখ্য যে, দ্য অশোকত অনুষ্ঠিত হোৱা 'দ্য কনক্লেভ-২০২৪' ত আজি মুঠ ৬ খন আলোচনা চক্ৰ অনুষ্ঠিত হ'ব।

আতিশীৰে আলোচনা অন্ত পৰাৰ পাছত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, ক্ৰীড়া বিষয়ক আলোচনাত লাভলীনা বৰগোহাঁই, অৰ্জুন মাদাথালী ৰামচন্দ্ৰন, লক্ষ্য কোঁৱৰ, সংবাদ মাধ্যম আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ সন্দৰ্ভত আলোচনা কৰিবলৈ ৰাজনৈতিক কৰ্মী যোগেন্দ্ৰ যাদৱ, 4PM News ৰ সম্পাদক সঞ্জয় শৰ্মা, পেট্ৰিচিয়া মুখীম, অসমৰ ৰাজনৈতিক পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰিবলৈ অখিল গগৈ, লুৰীণ জ্যোতি গগৈ, দিলীপ শইকীয়া,প্ৰমোদ বড়ো, সাংস্কৃতিক বিষয়ৰ আলোচনাত জয় বৰুৱা ডমিনিক ছাংমা আৰু উৎপল বৰপূজাৰীয়ে অংশগ্ৰহণ কৰিব।

Also Read: সাদিন- প্ৰতিদিন গোষ্ঠীৰ ‘দ্য কনক্লেভ ২০২৪’ৰ আজি দ্বিতীয় দিন

দ্য কনক্লেভ স্মিতাক্ষী বি গোস্বামী আতিশী মাৰ্লেনা