'সৰপাৰা ৰাইজ গয়ৰহ'ৰ পূৰ্ণাংগ সমিতি গঠন...

সভাপতি পদত বৃহত্তৰ অঞ্চলটোৰ সৰবৰহী ব্যক্তি তথা অৱসৰপ্ৰাপ্ত কৰ্মচাৰী অজিত চন্দ্ৰ দাস।
'সৰপাৰা ৰাইজ গয়ৰহ'ৰ পূৰ্ণাংগ সমিতি গঠন...

ডিজিটেল সংবাদ. গুৱাহাটীঃ কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অধীনৰ "সৰপাৰা ৰাইজ গয়ৰহ" পৰিচালনাৰ বাবে শুকুৰবাৰে নিশা নিৰ্বাচন সামৰণি পৰে । ২বছৰৰ বাবে গঠিত এই সমিতিৰ সভাপতি পদত বৃহত্তৰ অঞ্চলটোৰ সৰবৰহী ব্যক্তি তথা অৱসৰপ্ৰাপ্ত কৰ্মচাৰী অজিত চন্দ্ৰ দাস বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয় ।

আনহাতে সাধাৰণ সম্পাদক পদত অনুষ্ঠিত নিৰ্বাচন প্ৰক্ৰিয়াত দীনেশ ডেকা নিৰ্বাচিত হয়। ইয়াৰোপৰি উপ-সভাপতি হিচাপে ৰাধিকা দাস, যোগেন দেৱান, সহকাৰী সম্পাদকত জয়ন্ত কুমাৰ দাস আৰু জ্যোতিষ দাস মনোনিত হয় ।

গয়ৰহে সৰ্বসসন্মতিক্ৰমে প্ৰাক্তন প্ৰধান শিক্ষক নগেন চন্দ্ৰ কাকতি, প্ৰবীণ খেলুৱৈ প্ৰভাত চন্দ্ৰ ডেকা, "ক্ৰীড়াশ্ৰী" প্ৰবীণ চন্দ্ৰ দাস, সুৰেন্দ্ৰ মোহন ডেকা, গগন দাসক মনোনীত কৰে। গয়ৰহে গাঁওখনৰ বাট-পথ নিৰ্মাণ, শান্তি-শৃংখলা বজাই ৰখা, শিক্ষানুষ্ঠান চোৱা-চিতা কৰা আদি কৰি ভিন-ভিন উন্নয়নমূলক কাম গুৰুত্ব দিয়ে । ন-সমিতিক সৰপাৰা সাহিত্য সভা, সৰপাৰা হাইস্কুল, মিলন সংঘ প্ৰভৃতিয়ে শুভেচ্ছা জনাইছে ।

'সৰপাৰা ৰাইজ গয়ৰহ'ৰ পূৰ্ণাংগ সমিতি গঠন...
জন্মদাত্ৰীয়ে ডিঙি চেপি হত্যা কৰিলে নিজ সন্তানক!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in