কলেজীয়া ছাত্ৰক প্ৰহাৰক কেন্দ্ৰ কৰি উত্তপ্ত মাকুম

অ' চি চৰণ মোহন সিং চেতিয়াৰ নিলম্বনৰ দাবীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
কলেজীয়া ছাত্ৰক প্ৰহাৰক কেন্দ্ৰ কৰি উত্তপ্ত মাকুম
কলেজীয়া ছাত্ৰক প্ৰহাৰক কেন্দ্ৰ কৰি উত্তপ্ত মাকুম

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ কলেজীয়া ছাত্ৰক প্ৰহাৰক কেন্দ্ৰ কৰি উত্তপ্ত মাকুম। তিনিচুকীয়া জিলাৰ মাকুম থানাৰ অ' চি চৰণ মোহন সিং চেতিয়াই ভক্ষকৰূপী চৰিত্ৰ ধাৰণ কৰি এগৰাকী কলেজীয়া ছাত্ৰক নিৰ্মমভাৱে প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি বুধবাৰে উত্তপ্ত হৈ পৰে মাকুম চহৰ ।

ভুক্তভোগী পৰিয়ালৰ লগতে স্থানীয় ৰাইজ, যুৱ সংঘ, মহিলা সমিতি আৰু কেইবাটাও দল-সংগঠনে মাকুমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থান কৰি অ' চি চেতিয়াৰ নিলম্বনৰ দাবী তুলি উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে ।

উল্লেখ্য যে তিনিচুকীয়া মহাবিদ্যালয়ৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ তথা ন-মতাপুং গাঁৱৰ বাসিন্দা ৰাজেন মৰাণৰ পুত্ৰ দীপু মৰাণে (২১) কালি বিয়লি কলেজৰ পৰা ঘৰলৈ উভতাৰ পথত মাকুম থানাৰ সমীপত এগৰাকী যুৱতীৰ সৈতে প্ৰেমজনিত কাৰণত বাক-বিতণ্ডাত লিপ্ত হৈছিল । বিষয়টো এগৰাকী কৰ্তব্যৰত যান-বাহন আৰক্ষী জোৱানে প্ৰত্যক্ষ কৰি মীমাংসাৰ হেতু দুয়োকে থানালৈ লৈ যায় । পৰৱৰ্তী সময়ত ছোৱালীজনীৰ মাতৃৰ লগতে দীপুৰ ৰোগীয়া মাতৃও থানাত উপস্থিত হৈ বিষয়টো আপোচ মীমাংসাৰে নিষ্পত্তি কৰিবলৈ আলোচনাত মিলিত হয় ।

সেইসময়তে থানাত উপস্থিত হয়হি অ' চি চৰণ মোহন সিং চেতিয়া । তেওঁ অন্য কোনো কথাৰ অৱতাৰণা নকৰি সকলোৰে সন্মুখতে ছাত্ৰজনক উদ্দেশ্যি 'ইয়াত দাদাগিৰি দেখুৱাব আহিছ', 'মই মাকুমত থকালৈকে কোনো ল'ৰাই দাদাগিৰি দেখুৱাব নোৱাৰিব', 'তই কি হিৰ' নেকি' বুলি অভব্য আচৰণ কৰি এগৰাকী আৰক্ষীৰ সহযোগত দীপুক টানি-আজুৰি তথা চোঁচৰাই থানাৰ ভিতৰলৈ লৈ যায় ।

তেনে কাণ্ড দেখি দীপুৰ মাতৃয়ে হাতযোৰ কৰি দুয়োপক্ষৰ মানুহ উপস্থিত আছে যেতিয়া বিষয়টো বিচাৰৰ বাবে অ' চি চেতিয়াক কাতৰ আহ্বান জনাই যদিও চেতিয়াই তেওঁক গতা মাৰি 'গেট আউট' বুলি ধমকি দিয়ে আৰু দীপুক তেওঁৰ নিজা কোঠাত সোমোৱাই মাতৃ আৰু অন্যান্যসকলৰ সন্মুখতে চৰ, গোৰ, ঘোচাৰে নিৰ্মমভাৱে অত্যাচাৰ চলায় । তেওঁ আনকি নিজৰ চাৰ্ভিচ পিষ্টলেৰে দীপুৰ মূৰত আক্ৰমণ কৰাত অচেতন হৈ পকী মজিয়াত ঢলি পৰে দীপু । এনে পৰিস্থিতিত দীপুৰ মাতৃ মাতৃয়ে অ' চিৰ কোঠাত প্ৰৱেশ কৰি 'ছাৰ এয়া আপুনি কি কৰিলে' বুলি প্ৰশ্ন কৰাত তেওঁ 'বাইদেউ মোৰ ভুল হৈ গ'ল' বুলি কৈ নিজৰ পোচাকত লাগি থকা নাম প্লেটখন চিঙি থানাৰ পৰা খৰখেদাকৈ ওলাই যায় ।

এনে পৰিস্থিতিত থানাখনত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু ততাতৈয়াকৈ ছাত্ৰজনক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । চিকিৎসকে প্ৰাথমিক চিকিৎসা আগবঢ়াই দীপুক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । সম্প্ৰতি ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছে দীপু ।

অৱশ্যে ছা্ত্ৰজন সংকটমুক্ত বুলি জানিব পৰা গৈছে । ইফালে কোনো ধৰণৰ বাচ-বিচাৰ নকৰাকৈ কলেজীয়া ছাত্ৰজনক মাকুম থানাৰ অ' চি চৰণ মোহন সিং চেতিয়াই নিৰ্মমভাৱে অত্যাচাৰ চলোৱাৰ প্ৰতিবাদত আজি পুৱা বাৰেকুৰি অঞ্চলৰ ভালেসংখ্যক পুৰুষ-মহিলা ওলাই আহি মাকুম চহৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থান কৰে ।

অৱৰোধ থলীত সমবেত হয় বাৰেকুৰি আঞ্চলিক যুৱ সংঘ, মাকুম আঞ্চলিক ছাত্ৰ সন্থা, মৰাণ ছাত্ৰ সন্থা, যুৱ ছাত্ৰ-পৰিষদ, বাৰেকুৰি আঞ্চলিক মহিলা সমিতিৰ কৰ্মকৰ্তা । সকলোৱে অ' চি চৰণ মোহন সিং চেতিয়াৰ নিলম্বনৰ দাবীত পৰিস্থিতি উত্তাল কৰি তোলে । ৰক্ষকেই ভক্ষকৰ ৰূপ লোৱা অ' চি চেতিয়াক মাকুমৰ পৰা লৈ যাবলৈ আৰক্ষীৰ উৰ্ধতন কৰ্তৃপক্ষক দাবী জনায় । অৱৰোধ থলীত তিনিচুকীয়া আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক হিৰণ্য বৰা উপস্থিত হোৱাত সংগঠন কেইটাই প্ৰস্তুত কৰা এক দাবীসম্বলিত স্মাৰক-পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে ।

বিষয়টোৰ সন্দৰ্ভত উপ-আৰক্ষী অধীক্ষক বৰাই তদন্ত অব্যাহত আছে, তদন্তৰ শেষত কি ব্যৱস্থা ল'ব লাগে সেয়া আৰক্ষী অধীক্ষকে ল'ব বুলি জানিবলৈ দি অ' চি চেতিয়াক কাইলৈ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া বুলি সদৰি কৰে । স্মৰ্তব্য যে অ' চি চৰণ মোহন সিং চেতিয়াই কেইদিনমানৰ পূৰ্বেহে মাকুম থানাত যোগদান কৰিছিল । ২১ ডিচেম্বৰৰ নিশা মাকুম-ডিগবৈ পথৰ জ্যোতি নগৰলৈ সোমাই যোৱা কেঁকুৰিটোত মাৰ্ঘেৰিটাৰ পৰা অবৈধ কয়লা কঢ়িয়াই অনা এখন ট্ৰাক দুৰ্ঘনাগ্ৰস্ত হৈছিল । অ' চি চেতিয়াৰ তৎপৰতাত নিশায়েই ট্ৰাক সহিতে চোৰাং কয়লাখিনি ঘটনাস্থলীৰ পৰা স্থানান্তৰ কৰা হয় বুলি স্থানীয় সূত্ৰই সদৰি কৰিছে ।

ইফালে জানিব পৰা মতে দীপুৰ পিতৃ ৰাজেন মৰাণ অসম আৰক্ষী বেটেলিয়ানৰ এগৰাকী জোৱান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in