
ডিজিটেল ডেস্কঃ বছৰৰ অন্তিমটো দিনত ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। দিল্লীত অনুষ্ঠিত হৈছিল অসম চৰকাৰৰ কেবিনেট বৈঠক।
এই বৈঠকতে ৰাজ্যৰ পৰা ৪ খন জিলা বিলুপ্তিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেই অনুসৰি ৩৫ খন জিলাৰ ভিতৰত তুলনামূলক ভাৱে নতুন বিশ্বনাথ, হোজাই, বজালী আৰু তামুলপুৰ জিলাক বিলুপ্তিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
বিশ্বনাথ জিলাক শোণিতপুৰ জিলাৰ সৈতে, হোজাই জিলাক নগাওঁ জিলাৰ সৈতে, বজালী জিলাক বৰপেটাৰ সৈতে আৰু তামুলপুৰ জিলাক বাক্সা জিলাৰ সৈতে সংলগ্ন কৰা হৈছে। ৰাজ্যৰ ভৱিষ্যতৰ স্বাৰ্থত সাময়িক ভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলৰ জৰিয়তে এই কথা ঘোষণা কৰিছে। পৰৱৰ্তী সময়ত এই সিদ্ধান্ত পুনৰ বিচাৰ- বিবেচনা কৰা হ'ব বুলি উল্লেখ কৰি কয় যে, সুকীয়া আৰক্ষী জিলা চলি থাকিব।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৪ জিলা বিলুপ্তিৰ এই সিদ্ধান্তক নিজেও ভাল পোৱা নাই বুলি মন্তব্য কৰিছে। ইয়াৰ বাবে যিসকল ৰাইজে মনত দুখ পাইছে তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিছো বুলি মন্তব্য কৰিছে।
তেওঁ কৈছে, ৪ জিলা বিলুপ্তিৰ সিদ্ধান্ত ব্যক্তিগত অথা দলীয় লাভালাভৰ বাবে লোৱা নাই। অত্যন্ত এৰাব নোৱাৰা নোৱাৰা কামৰ বাবে এই সিদ্ধান্ত ল'বলগীয়া হৈছে।
তেওঁ দেশ, প্ৰশাসন, সমাজৰ স্বাৰ্থত কেতিয়াবা কঠোৰ সিদ্ধান্ত ল'বলগীয়া হয় বুলিও মন্তব্য কৰিছে। উল্লেখ্য যে, দিল্লীত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত আৰু বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
সেই অনুসৰি ১ জানুৱাৰীৰ পৰা কোনো ধৰণৰ প্রশাসনিক গোট সৃষ্টিত বাধা আৰোপ কৰা হৈছে। নিৰ্বাচনী আয়োগে প্রেৰণ কৰিছে এই নিৰ্দেশনা। সমষ্টিৰ সীমা নিৰ্ধাৰণ নোহোৱা পৰ্যন্ত প্ৰশাসনিক গোট গঠনত থাকিব বাধা।
৪ খন জিলাৰ বিলুপ্তিৰ উপৰিও ১৪খন জিলাৰ কিছু গাঁৱৰ পৰিৱৰ্তন কৰা হ’ব। উত্তৰ গুৱাহাটী নগৰ সমিতি কামৰূপ মহানগৰলৈ হস্তান্তৰ কৰা হ'ব।
এই কেবিনেট বৈঠকত মুঠ ১৪ টা প্রস্তাৱক অনুমোদন জনোৱা হৈছে। বিলুপ্তি কৰা ৪ খন জিলাত ৪ গৰাকী অতিৰিক্ত উপায়ুক্ত নিযুক্তি দিয়া হ’ব। অহা ৫ জানুৱাৰীলৈকে বিষয়াসকলৰ ৰদ-বদল কৰা নহয়।
আনহাতে ৩ জানুৱাৰীত অসম গৌৰৱ, অসম সৌৰভ বঁটা ঘোষণা কৰা হ’ব বুলিও মুখ্যমন্ত্ৰী ড০ শৰ্মাই ঘোষণা কৰিছে। ৫ ফেব্রুৱাৰীৰ পৰা উন্নয়নৰ দ্বিতীয় পষেক কাৰ্যসূচী শুভাৰম্ভ কৰিব।
ক্লিক কৰি পঢ়কঃ 31st ত দুজন আড্ডাবাজ ব্যক্তি