ছাত্ৰীৰ বাবে মুখ্যমন্ত্ৰীৰ 'মইনা আঁচনি'...

বাজেটত ঘোষণা বিত্তমন্ত্ৰী অজন্তা নেওঁগৰ...

author-image
Asomiya Pratidin
New Update
ছাত্ৰীৰ বাবে মুখ্যমন্ত্ৰীৰ 'মইনা আঁচনি'...

ডিজিটেল ডেস্কঃ এইবাৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যত ৰূপায়ন কৰিব এখন নতুন আঁচনি। বাজেট ভাষণত সেই কথা উল্লেখ কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওঁগে। ছাত্ৰীসকলৰ বাবে ঘোষণা কৰা এই আচঁনিৰ নাম- মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। আঁচনি খনে ১০লাখ ছাত্ৰীক সামৰি লব।

Advertisment

এই আঁচনিৰ অধীনত ছাত্ৰীসকলক নামভৰ্তিৰ বাবে উদগণি হিচাপে বিত্তীয় অনুদান আগবঢ়োৱা হব। তেওলোকে যাতে উচ্চতৰ মাধ্যমিক, স্নাতক আকু স্নাতকোত্তৰ পৰ্যায়লৈকে অধ্যয়ন কৰিব বাবে তাৰ বাবে এই আঁচনি হাতত লোৱা হৈছে। যিকোনো চৰকাৰী মহাবিদ্যালয়, শিক্ষানুষ্ঠানত অধ্যয়ন কৰা ছাত্ৰীসকলে এই আচঁনিৰ সুবিধা লব পাৰিব।

অৱশ্যে বিবাহপাশত আৱদ্ধ হোৱা সকলে এই সুবিধা নাপাব। একাদশ শ্ৰেণীত নামভৰ্তিৰ বাবে প্ৰতিগৰাকী ছাত্ৰীক ১০হাজাৰ, স্নাতক শ্ৰেণীৰ বাবে ১২৫০০ আৰু স্নাতকোত্তৰ ছাত্ৰীৰ নামভৰ্তিৰ বাবে চৰকাৰে প্ৰদান কৰিব ১৫হাজাৰ টকা। এই আঁচনি ব্যয় ধাৰ্য কৰা হৈছে ২৪০কোটি টকা।

Also Read: LIVE UPDATES- বিধানসভাত দাখিল ২০২৪-২৫বৰ্ষৰ বাজেট...

অসম চৰকাৰ অসমৰ বাজেট