বাজেটৰ সবিশেষ...
বাজেটৰ সবিশেষ...

LIVE UPDATES- বিধানসভাত দাখিল ২০২৪-২৫বৰ্ষৰ বাজেট...

বাজেটৰ সবিশেষ...

বিহু সমিতিসমূহলৈ উদ্গনি

  • বিগত বৰ্ষত আমাৰ চৰকাৰে ১০ বছৰতকৈও অধিক পুৰণি পঞ্জীয়নকৃত বিহু সমিতিসমূহলৈ ১.৫ লাখ টকাকৈ প্ৰদান কৰিছে। এই পদক্ষেপ অব্যাহত থাকিব আৰু ইয়াৰ বাবে ৩৪.৫ কোটি টকাৰ প্রস্তাৱ কৰিছে।

  • ইয়াৰ উপৰি নতুন দিল্লীত এক অভিলেখ সৃষ্টিকাৰী পৰ্যায়ৰ ব'হাগ বিহু উদযাপনৰ প্রস্তাৱ গ্ৰহণ কৰিছে।

৫০ টা নতুন চলচ্চিত্র গৃহলৈ অনুদান

  • ৰাজ্যখনৰ বোলছবি উদ্যোগক উৎসাহিত কৰাৰ বাবে বেচৰকাৰী সংগঠন/সাংস্কৃতিক সংগঠন/ব্যক্তিগত খণ্ডই প্রস্তাৱ দিয়া প্রতিটো নতুন চলচ্চিত্র গৃহত ৫০ লাখ টকাৰ অংশীদাৰী মূলধন/অনুদান/নমনীয় ঋণ হিচাবে বিনিয়োগ কৰাৰ প্রস্তাৱ দিয়ে।

  • চলচ্চিত্র গৃহৰ স্থান চৰকাৰে নিৰ্ধাৰণ কৰিব।

  • ইয়াৰ বাবে বিত্তমন্ত্ৰীগৰাকীয়ে ২৫ কোটি টকাৰ প্রস্তাৱ কৰিছে।

অসমীয়া চলচ্চিত্রলৈ বিত্তীয় সাহায্য

  • অসমীয়া চলচ্চিত্রক উৎসাহিত কৰিবলৈ পূর্ণদৈর্ঘ্যৰ অসমীয়া বোলছবিৰ বাবে ১০ লাখ টকাকৈ অনুদান আগবঢ়াব।

  • বিশিষ্ট ব্যক্তিৰে গঠিত এখন জুৰীয়ে মনোনয়নসমূহ পৰীক্ষা কৰি তেওঁলোকৰ পৰামৰ্শসমূহ প্রদান কৰিব। অসমীয়া চলচ্চিত্রক অধিক প্রতিযোগিতামূলক আৰু ব্যৱসায়িক কৰি তোলাই ইয়াৰ লক্ষ্য।

  • তদুপৰি, অটল পেঞ্চন যোজনাৰ অধীনলৈ অনাৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰ আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত জড়িত শিল্পী আৰু কলা- কুশলীসকলক সাহায্য প্রদানৰ প্রস্তাৱ আগবঢ়াই। চৰকাৰে ৫ বছৰৰ বাবে তেওঁলোকে পাবলগীয়া ধনৰ ৫০ শতাংশ আগবঢ়াব।

নবীকৰণযোগ্য শক্তি

  • অসম শক্তি উৎপাদন নিগম লিমিটেড আৰু অইল ইণ্ডিয়া লিমিটেডৰ মাজত নামৰূপত ২৫ মেগাৱাটৰ সৌৰশক্তি প্রকল্পকে ধৰি সেউজ শক্তি উৎপাদন প্ৰকল্পৰ বাবে ৪,০৯১ কোটি টকাৰ এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছে।

  • ৰাজ্যিক ভিত্তিক নবীকৰণযোগ্য শক্তি প্রকল্পৰ বাবে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে নেইভেল্লি লিগনাইট কৰ্প'ৰেচন ইণ্ডিয়া লিমিটেড আৰু ছটলুজ জল বিদ্যুৎ নিগমৰ সৈতে সমন্বয় স্থাপন কৰিছে।

  • এহাজাৰ মেগাৱাট সৌৰশক্তি প্রকল্প স্থাপনত ভাৰত চৰকাৰে অনুমোদন দিছে।

  • তদুপৰি, ১২০ মেগাৱাট ক্ষমতা সম্পন্ন নামনি কপিলী জলবিদ্যুৎ প্রকল্পৰ কাম চলিত বৰ্ষৰ শেষ ভাগত সম্পূর্ণ হ'ব।

সেউজ অসমৰ বাবে সেউজ বিকাশঃ অমৃত বৃক্ষ আন্দোলন

  • অমৃত বৃক্ষ আন্দোলনৰ অধীনত সমগ্ৰ ৰাজ্যখনত ৫৩ বিধ বাণিজ্যিকভাৱে মূল্যৱান প্ৰজাতিৰ এক কোটিৰো অধিক গছপুলি ৰোপণ কৰা হৈছে।

  • মোবাইল এপৰ জৰিয়তে ৪৮ লাখৰো অধিক নাগৰিকে নিজৰ নাম পঞ্জীয়ন কৰিছিল আৰু ১.১২ কোটি গছপুলি ৰোপণ কৰিছিল।

  • এই জন-ভাগিদাৰী আৰ্হিৰ প্রচেষ্টাই বৃক্ষৰোপণ সম্পৰ্কীয় ১০টা গীনিজ বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

  • ২০২৪ বৰ্ষত তিনি কোটি গছপুলি ৰোপণ কৰিব আৰু এই উদ্দেশ্যে ৪০ কোটি টকা আবণ্টনৰ প্রস্তাৱ দিছে।

চাফাই কৰ্মচাৰীসকলৰ বাবে গৃহ

  • পৌৰসভা আৰু নগৰ সমিতি অঞ্চলসমূহত পর্যায়ক্রমে চাফাই কর্মচাৰীসকলক গৃহ প্ৰদান কৰাৰ বাবে এখন আঁচনি ঘোষণা কৰিছে, য'ত স্ট্রীট লাইট, পানী যোগান, উদ্যান আৰু সমূহীয়া কেন্দ্ৰৰ দৰে অত্যাৱশ্যকীয় সা-সুবিধা থাকিব।

  • চলিত বৰ্ষত সমগ্ৰ ৰাজ্যখনতে প্রথম পর্যায়ত ২৫০টা গৃহ নিৰ্মাণৰ বাবে ৩৭.৫০ কোটি টকা ধার্য কৰা হৈছে।

আৰক্ষীৰ বাবে গৃহ

  • আৰক্ষী-কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ বসবাসৰ সু-ব্যৱস্থাৰ বাবে চৰকাৰে অনাগত ৫ বছৰত ১,০০০ বর্গফুটৰ ২ টা শোৱনিকোঠাযুক্ত ১০,০০০ নতুন গৃহ নিৰ্মাণৰ পৰিকল্পনা লৈছে।

  • সমগ্ৰ অসমত সিঁচৰতি হৈ থকা অসম আৰক্ষী বেটেলিয়নসমূহৰ লগতে লাচিত বৰফুকন আৰক্ষী একাডেমীত এই গৃহসমূহ নিৰ্মাণ কৰা হ'ব।

  • ২০২৪-২৫ বিত্তীয় বৰ্ষত ২,০০০ টা গৃহ নিৰ্মাণৰ কাম সম্পূর্ণ কৰিব। এই উদ্দেশ্য ১৫০ কোটি টকা ধার্য কৰিছে।

মুখ্যমন্ত্রী আৱাস যোজনা (গ্রামীণ)

  • 'সকলোৰে বাবে গৃহ' কাৰ্যসূচীৰ লক্ষ্য অনুসৰি ২০২৩-২৪ বিত্তীয় বর্ষত 'মুখ্যমন্ত্রী আৱাস যোজনা' (গ্রামীণ) ঘোষণা কৰিছিল। ইয়ে ১.৩০ লাখ টকাৰ সাহায্যৰে প্রথম পর্যায়ত ১,৩০,০০০ টা অতিৰিক্ত গৃহ নিৰ্মাণৰ পথ প্রশস্ত কৰিব।

  • এই বৰ্ষত আৰু এখোজ আগুৱাই এই গৃহসমূহৰ ১০ শতাংশ অর্থাৎ ১৩,০০০ গৃহ চাহ জনজাতি সম্প্ৰদায়ৰ যোগ্য হিতাধিকাৰীক প্রদান কৰা হ'ব।

  • তদুপৰি, পূৰ্বৰ বাদ পৰি সেৱা যোগ্য হিতাধিকাৰীসকলক সামৰি লোৱাৰ পদক্ষেপ হিচাপে ১৩,০০০ গৃহ (১০ শতাংশ হিতাধিকাৰী) পূৰ্বৰ আৰ্থ- সামাজিক আৰু জাতিগত পিয়ল (SECC) আৰু অতিৰিক্ত তালিকাৰ পৰা বাদ পৰি যোৱা অতি দৰিদ্ৰ হিতাধিকাৰীসকলৰ বাবে আবণ্টন দিয়া হ'ব। এয়া স্থায়ী অপেক্ষাৰ তালিকাত অন্তর্ভুক্ত নোহোৱা লোকৰ বাবে উপলব্ধ হ'ব।

  • নৰেন্দ্র মোডীৰ পদক্ষেপ অনুসৰি ২০২৪-২৫ বর্ষব অন্তৱর্তীকালীন বাজেটত প্রধানমন্ত্রী আবাস যোজনা (গ্রামীণ)ৰ অধীনত আগন্তুক ৫ বছৰত ২ কোটিটা অতিৰিক্ত গৃহ নিৰ্মাণৰ ঘোষণা কৰা হৈছে।

  • এই আঁচনিৰ বাবে ৬০০ কোটি টকা আবণ্টনৰ প্রস্তাব উত্থাপন কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে।

  • তদুপৰি চৰকাৰে অভিলাষী চৰকাৰী আবাস প্রকল্পও হাতত লৈছে।

মুখ্যমন্ত্রী নিযুত মইনা আচঁনি

  • উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতোকোত্তৰ পৰ্যায়লৈকে অধ্যয়ন অব্যাহত ৰাখিবলৈ ১০ লাখ ছাত্রীক নামভৰ্তিৰ ক্ষেত্ৰত উদগনি হিচাপে বিত্তীয় অনুদান আগবঢ়োৱা হ'ব ।

  • এই পদক্ষেপে বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা অভিযানক সাবল কৰি তুলিব। শাক্তিমূলক আৰু নিয়ন্ত্রণমূলক ব্যবস্থা গ্রহণ কৰাৰ উপৰি এগৰাকী কন্যাই কেতিয়া বিয়াত বহিব সেইটো সিদ্ধান্ত ল'বলৈ তেওঁক সক্ষম কৰি তুলিব।

  • যদি দহ লাখ কন্যাক স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীলৈ অধ্যয়ন কৰিবলৈ উৎসাহ যোগাব পৰা যায়, তেতিয়া প্রৱেশিকা পৰীক্ষাত উত্তীর্ণ হোৱাৰ পিছত শিক্ষা লাভ কৰা শিক্ষিত যুৱক-যুৱতীৰ হাৰ বৃদ্ধি কৰিব পৰা যাব।

  • যিকোনো চৰকাৰী মহাবিদ্যালয়/শিক্ষানুষ্ঠানত অধ্যয়ন কৰা ছাত্রীসকলে এই সুবিধা লাভ কৰাৰ বাবে যোগ্য বিবেচিত হ'ব। দ্বিতীয়তে, বিবাহ পাশত আবদ্ধ হোৱা ছোৱালী এই সুবিধাৰ বাবে যোগ্য বিবেচিত নহ'ব।

মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমী অভিযান

  • মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান হৈছে এক অভিলাষী অভিযান, যাৰ লক্ষ্য হৈছে অসমৰ মহিলাসকলক উদ্যোগী হিচাপে গঢ়ি তোলা।

  • এই অভিযান দুটাৰ উদ্দেশ্য হ'ল- অমৃত কালত অসমৰ মহিলা উদ্যোগীসকলৰ আয় বৃদ্ধি কৰা আৰু তেওঁলোকক ব্যৱসায়িকভাবে সফল কৰা।

  • সমগ্র ৰাজ্যখনতে কেতবোৰ চৰ্ত সাপেক্ষে গ্রামাঞ্চলৰ আত্ম-সহায়ক গোটসমূহৰ ৩৯,৬৭,৭৪৩ গৰাকী মহিলা সদস্যলৈ গাইপতি ১০,০০০ টকাকৈ উদ্যমিতা পুঁজি হিচাপে প্রদান কৰা হ'ব।

  • তেওঁলোকে এই সুবিধা লাভ কৰাৰ পিছত এনে প্রতিগৰাকী হিতাধিকাৰীৰ বাবে ন্যূনতম ২৫,০০০ টকাকৈ বেংক ঋণ আগবঢ়াবলৈ প্রতিশ্রুতিবদ্ধ। তদুপৰি, এই ঋণৰ ধন তেওঁলোকে সদব্যৱহাৰ কৰি সময়মতে পৰিশোধ কৰিলে এনে প্রতিগৰাকী হিতাধিকাৰীলৈ ১২,৫০০ টকাৰ মূলধনী ৰাজসাহায্য প্রদান কৰা হ'ব।

বিধানসভাত দাখিল  ২০২৪-২৫বৰ্ষৰ বাজেট...

বিধানসভাত দাখিল  ২০২৪-২৪বৰ্ষৰ বাজেট। সংস্কৃত মন্ত্ৰৰে বাজেট ভাষণ আৰম্ভ কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে। সকলো বিভাগকে সমভাৱে গুৰুত্ব দি বাজেট তৈয়াৰ কৰাৰ কথা উল্লেখ বিত্তমন্ত্ৰীৰ। 

কি কি আছে বাজেটত...

  • যোৱা ৯বছৰত অসমত ৮.৩৬লাখ জনসাধাৰণক দৰিদ্ৰতাৰ পৰা উত্তৰণ ঘটোৱা হৈছে।

  • অসমৰ বিকাশৰ এই যাত্ৰাত চৰকাৰৰ মূলমন্ত্ৰ আত্মনিৰ্ভৰ অসম।

  • প্ৰক্ষেপিত প্ৰাককলন অনুসৰি মুঠ ঘৰুৱা উতপাদন চলিত মূল্যত ৬.৪৩লাখ কোটি টকা হব বুলি আশা কৰা হৈছে।

  • অসমে নিৰ্দিষ্ট মূলধনী প্ৰকল্পসমূহৰ গ্ৰাম্য আন্তঃগাথনি উন্নয়ন পুঁজি আৰু বহিঃ সাহায্যপ্ৰাপ্ত পুজিঁৰ সফলতাৰে সদব্যৱহাৰ কৰিছে।

  • ৰাজ্যত বৰ্তমান ৩৭,৭০০কোটি টকা ব্যয় সাপেক্ষে ১৮টা প্ৰকল্পৰ কাম চলি আছে।

  • ৰাজ্যত প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ আচঁনিৰ ব্যৱহাৰৰ বাবে ডিজিটেল আন্তঃগাথনি প্ৰৱৰ্তন।

  • অৰুণোদয় আচঁনিখন এই মঞ্চৰ অধীনলৈ অনাৰ পাছত ১লাখ ৬৫হাজাৰ গৰাকী ভুৱা হিতাধিকাৰীৰ নাম কৰ্তন হৈছে।

  • ৰাজ্যৰ নিজা উতসৰ পৰা ৰাজহ পৰিমাণ বৃদ্ধিত গুৰুত্ব প্ৰদান কৰা হৈছে।

  • ১০লাখ ছাত্ৰীক নামভৰ্তিৰ ক্ষেত্ৰত উদগণি হিচাপে বিত্তীয় অনুদান আগবঢ়োৱা হব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in