আজি পৱিত্ৰ বৰদিন...

আজি পৱিত্ৰ বৰদিন...

ডিজিটেল ডেস্ক : আজি পৱিত্ৰ বৰদিন । খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ বাবে ইশ্বৰৰ এটি অৱতাৰস্বৰূপ যীশুখ্ৰীষ্টৰ আৱিৰ্ভাৱ এই দিনটোতেই হোৱা বুলি বিশ্বাস কৰা হয় সমগ্ৰ বিশ্বতে । জেৰুজালেমৰ বেথেলহেমত এটি গোহালিত মাতৃ মেৰীৰ ঔৰসত দৈৱ আশীৰ্বাদত জন্ম গ্ৰহণ কৰিছিল যীশুৱে ।

প্ৰায় ৬ খ্ৰীষ্টপূৰ্বৰ পৰা ৪ খ্ৰীষ্টপূৰ্বৰ মাজৰ কোনো এক সময়ত জন্ম লাভ কৰা যীশুক ধৰালৈ ইশ্বৰে প্ৰেৰণ কৰিছিল সমাজত প্ৰচলিত অসূয়া-অপ্ৰীতি দূৰ কৰি সম্প্ৰীতিৰ বাৰ্তা বিলাবলৈ । ইশ্বৰৰ এই পৱিত্ৰ বাৰ্তা বিলোৱা যীশু অতি শীঘ্ৰেই সমগ্ৰ জেৰুজালেমত সকলোৰে বাবে হৈ পৰিছিল ইশ্বৰৰ সন্তান যাক মৰ্ত্যৰ লোকসকলৰ দুৰাচাৰ দূৰ কৰিবলৈ স্বয়ং ইশ্বৰে প্ৰেৰণ কৰিছিল ।

এই পৱিত্ৰ বৰদিনটি কেৱল খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলেই নহয় বৰং পৃথিৱীৰ সকলো লোকৰ বাবেও এক সম্প্ৰীতিৰ উৎসৱ । চৌদিশে ৰং-বিৰঙী আলোকসজ্জ্বাৰে সজাই পৰাই তোলা গীৰ্জাঘৰ, ৰাজহুৱা স্থান সমূহে লৈ ফুৰে এক আনন্দময় পৰিৱেশ ।

বিগত সময়ছোৱাৰ দৰেই এইবাৰো ৰাজ্যৰ বিভিন্ন প্ৰান্ত সজাই পৰাই তোলা হ'ল এই পৱিত্ৰ বৰদিনৰ বাবে । গুৱাহাটী মহানগৰীও নহ'ল ইয়াৰ ব্যতিক্ৰম । ইয়াৰ ওপৰিও কেৱল অসমৰেই নহয় বৰং চুবুৰীয়া ৰাজ্যসমূহৰ পৰা অসমলৈ অহা খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ বাবেও আজিৰ দিনটোত গুৱাহাটী মহানগৰী হৈ পৰিল অতিকৈ আপোন । মহানগৰীৰ পানবজাৰ, খ্ৰীষ্টানবস্তি আৰু বেলতলাৰ গীৰ্জাঘৰ কেইটাও অইন কালৰ দৰেই সজাই পৰাই তোলা হ'ল আজিৰ এই বিশেষ দিনটোৰ বাবে ।                  

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in