এক্সনত চিৰাঙৰ আৰক্ষীঃ মদ্যপান কৰি বাহন চলালেই বিপদত পৰিব চালক...

এক্সনত চিৰাঙৰ আৰক্ষীঃ মদ্যপান কৰি বাহন চলালেই বিপদত পৰিব চালক...

author-image
Asomiya Pratidin
New Update
এক্সনত চিৰাঙৰ আৰক্ষীঃ মদ্যপান কৰি বাহন চলালেই বিপদত পৰিব চালক...

এক্সনত চিৰাঙৰ আৰক্ষীঃ মদ্যপান কৰি বাহন চলালেই বিপদত পৰিব চালক...

ডিজিটেল সংবাদ চিৰাংঃ ইংৰাজী নৱবৰ্ষ সমাগত আৰু নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত মাত্ৰাধিক মদ্যপান কৰি পথদুৰ্ঘটনা সংঘটিত কৰি অকাল মৃত্যুৰ দৰে শোকাবহ ঘটনা ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুযায়ী মদ্যপান কৰি বাহন চলোৱাসকলৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰম্ভ হৈছে পৰিবহন বিভাগ আৰু আৰক্ষীৰ অভিযান ।

Advertisment

আজি চিৰাং জিলাৰ বাসুগাঁও চহৰৰ সদাব্যস্ত মুখ্যপথত মদ্যপান কৰা বাহন চালকসকলৰ বিৰুদ্ধে জিলা পৰিবহন বিভাগ আৰু বাসুগাঁও থানাৰ আৰক্ষীয়ে যুটীয়া অভিযান চলায় । অভিযানকাৰী দলটোয়ে বাহন চালকসকলৰ মুখত ব্ৰেথ এনালাইজাৰেৰে পৰীক্ষা কৰে।

আজি অভিযানৰ সময়ছোৱাত বাসুগাঁও চহৰত ৫ গৰাকী মদ্যপান কৰা বাহন চালকক জৰিমনা বিহা হয় । ইপিনে পৰিবহন বিভাগ আৰু আৰক্ষীৰ অভিযানৰ কথা বিয়পি পৰাৰ লগে লগে বাসুগাঁও চহৰত নিশা মদ্যপান কৰি বাহন চলোৱা চালকসকলে বিকল্প পথেৰে পলায়ন কৰা পৰিলক্ষিত হয় ।

অভিযানকাৰী দলটোৱে সদৰি কৰা মতে মদ্যপান কৰি বাহন চলোৱা চালকসকলৰ বিৰুদ্ধে এই অভিযান অব্যাহত থাকিব ।

ক্লিক কৰি পঢ়কঃ অখ্যাত বলাৰে এটা অভাৰতে খহাই দিছিল বিশ্ব ক্ৰিকেটৰ বেষ্ট বেটিং লাইনআপ...

চিৰাং আৰক্ষী