আৰোহণ আঁচনিৰ অধীনত চিৰাঙত শিক্ষামূলক ভ্ৰমণৰ শুভাৰম্ভ...

আৰোহণ আঁচনিৰ অধীনত চিৰাঙত  শিক্ষামূলক ভ্ৰমণৰ শুভাৰম্ভ...
Published on
Updated on

ডিজিটেল সংবাদ, চিৰাংঃ অসম চৰকাৰে ছাত্ৰ- ছাত্ৰীৰ মাজত জ্ঞানৰ পৰিধি বৃদ্ধি কৰাৰ লক্ষ্যৰে শিক্ষামূলক ভ্ৰমণৰ উদ্দেশ্যে আৰম্ভ কৰা আৰোহণ আঁচনিৰ চিৰাং জিলাত মঙলবাৰে শুভাৰম্ভ কৰা হয় ৷ সমগ্ৰ শিক্ষা চিৰাঙৰ উদ্যোগত আৰু চিৰাং জিলা প্ৰশাসনৰ সহযোগত মুঠ ৪৮ গৰাকী দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক আজি গুৱাহাটীৰ বিভিন্ন স্থান পৰিদৰ্শনৰ বাবে নিয়া হয় ৷

সমগ্ৰ শিক্ষা চিৰাঙৰ উদ্যোগত আয়োজিত এই শিক্ষামূলক ভ্ৰমণৰ ফ্লেগ অৱ কৰি যাত্ৰাৰ শুভাৰম্ভ কৰে চিৰাং জিলাৰ আয়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীয়ে ৷ ইয়াৰ পূৰ্বে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত শিক্ষামূলক ভ্ৰমণৰ বাবে যোৱা ছাত্ৰ-ছাত্ৰী সকলক শুভেচ্ছা জ্ঞাপন কৰি আয়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীয়ে দলটিৰ সকলো ছাত্ৰ-ছাত্ৰীক শৃংখলাবদ্ধতা ৰক্ষা কৰি চলিবলৈ আহ্বান জনায়৷

অনুষ্ঠানত চিৰাং জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিজয় বৈষ্ণৱে সকলো ছাত্ৰ-ছাত্ৰীক ডায়েৰীত পৰিদৰ্শন কৰা স্থানসমূহ লিপিবদ্ধ কৰিবলৈ আহ্বান জনায় ৷ ২০আগষ্টৰ পৰা ২৩ আগষ্টলৈ দলটিয়ে গুৱাহাটী ভ্ৰমণ কৰিব৷ বুধবাৰৰ পৰা দলটিয়ে আই আই টি, এইমছ, কলাক্ষেত্ৰ, তাৰকাগৃহ , বিজ্ঞান ভৱন, প্ৰশাসনিক প্ৰশিক্ষণ কলেজ, চিৰিয়াখানা, নাৰেংগীৰ সেনা শিবিৰ পৰিদৰ্শন কৰিব ৷ জানিব পৰামতে, আৰোহণ আঁচনিত এই পৰ্যায়ত ৰাজ্যখনৰ গোলাঘাট, নলবাৰী আৰু চিৰাঙৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মত বিনিময় কৰিব ৷

আৰোহণ আঁচনিৰ অধীনত চিৰাঙত  শিক্ষামূলক ভ্ৰমণৰ শুভাৰম্ভ...
ৰাধিকা ৰাজেঃ আম্বানীৰ ঘৰতকৈ ১০গুণ ডাঙৰ অট্টালিকাত বাস কৰা ভাৰতৰ ধুনীয়া ৰাণীগৰাকী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in