বড়োভূমিত আত্মপ্ৰকাশ কৰাৰ পূৰ্বেই আৰক্ষীৰ জালত শীৰ্ষ নেতাসহ ২০ নতুন উগ্ৰপন্থী সংগঠনৰ সদস্য...

বড়োভূমিত আত্মপ্ৰকাশ কৰাৰ পূৰ্বেই আৰক্ষীৰ জালত শীৰ্ষ নেতাসহ ২০ নতুন উগ্ৰপন্থী সংগঠনৰ সদস্য...

author-image
Asomiya Pratidin
New Update
বড়োভূমিত আত্মপ্ৰকাশ কৰাৰ পূৰ্বেই আৰক্ষীৰ জালত শীৰ্ষ নেতাসহ ২০ নতুন উগ্ৰপন্থী সংগঠনৰ সদস্য...

ডিজিটেল সংবাদ, চিৰাং : স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত কোকৰাঝাৰ আৰু চিৰাং জিলা আৰক্ষীৰ বৃহৎ সাফল্য । আত্মপ্ৰকাশ কৰাৰ আগতেই অসম আৰক্ষীৰ জালত শীৰ্ষ নেতা সহ ২০ নতুন উগ্ৰপন্থী সংগঠনৰ সদস্য । লগত জব্দ বৃহত পৰিমাণৰ মৰণাস্ৰ আৰু বিস্ফোৰক সামগ্ৰী । অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে সামাজিক মাধ্যম X হেণ্ডেলত এই তথ্য সদৰি কৰে ।

Advertisment

যোৱা জুলাই মাহত বিটিআৰ ৰ চিৰাং আৰু কোকৰাঝাৰ জিলাত পৃথকে আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ মৰণাস্ৰ আৰু বিস্ফোৰক সামগ্ৰীৰ জব্দ কৰিছিল । কিন্তু সেই সময়ছোৱাত উদ্ধাৰ হোৱা মৰণাস্ৰৰ সৈতে কোনো লোকক আটক কৰা হোৱা নাছিল ।

নিশা চিৰাং আৰু কোকৰাঝাৰ জিলা আৰক্ষীয়ে যৌথ ভাবে অভিযান চলাই এই নৱগঠিত উগ্ৰপন্থী সংগঠনটোৰ শীৰ্ষ পৰ্য্যায়ৰ নেতাৰ সহ ২০ সদস্যক মৰণাস্ৰ আৰু বিস্ফোৰক সামগ্ৰী সহ গ্ৰেপ্তাৰ কৰে ।

উদ্ধাৰ হোৱা মৰণাস্ত্ৰ খিনি ক্ৰমে-

  • স্বয়ংক্ৰিয় ৰাইফল - ৬

  • হস্তনিৰ্মিত ৰাইফল - ৪

  • মেগাজিনৰ সৈতে পিস্তল- ১

  • গ্ৰেণেড - ৫

  • একে ছিৰিজৰ গুলী- ৫৪ জাই

  • পিস্তল গুলী - ৯ জাই

Also Read: স্বাধীনতা দিৱস উপলক্ষত ঢকুৱাখনাত ৰক্তদান শিবিৰ সম্পন্ন...

চিৰাং আৰক্ষী