স্বাধীনতা দিৱস উপলক্ষত ঢকুৱাখনাত ৰক্তদান শিবিৰ সম্পন্ন...

স্বাধীনতা দিৱস উপলক্ষত ঢকুৱাখনাত ৰক্তদান শিবিৰ সম্পন্ন...

author-image
Asomiya Pratidin
New Update
স্বাধীনতা দিৱস উপলক্ষত ঢকুৱাখনাত ৰক্তদান শিবিৰ সম্পন্ন...

ডিজিটেল সংবাদ ঢকুৱাখনা: ভাৰতবৰ্ষৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষত সোমবাৰে ঢকুৱাখনা মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হয় এক ৰক্তদান শিবিৰ । ঢকুৱাখনা মহকুমা প্ৰশাসন  আৰু  ঢকুৱাখনা মহাবিদ্যালয়ৰ এন এছ এছ  গোটৰ উদ্যোগত  আৰু ইলোৰা বিজ্ঞান মঞ্চ ঢকুৱাখনাৰ সহযোগত অনুষ্ঠিত কৰা এই ৰক্তদান শিবিৰত মুঠ ৩১ গৰাকী ৰক্তদাতাই স্বেচ্ছাই ৰক্তদান কৰে ।

Advertisment

এই সন্দৰ্ভত অনুষ্ঠিত অনুষ্টুপিয়া সভাৰ উদ্বোধন কৰে ঢকুৱাখনা  মহকুমাৰ মহকুমাধিপতি কাৰ্ত্তিক কলিতাই। ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগানন্দ সূতে আদৰণি ভাষণ আগবঢ়োৱা সভাত ঢকুৱাখনা মহকুমা চিকিৎসা বিষয়া (মুখ্য কাৰ্য্যালয়) ডাঃ অতুল খাউণ্ড , চিকিৎসা বিষয়া ডাঃ প্ৰদীপ মিলি , ডাঃ বিজয় শৰ্মা ,ডাঃ অভিষেক চৌধুৰী , ডাঃ জুৰিটি গগৈ , সমন্বয়ক চম্পক শৰ্মা সহ বহু সংখ্যক স্বাস্থ্য কৰ্মীয়ে সহযোগিতা আগবঢ়াই। ৰক্তদান শিবিৰত ঢকুৱাখনাৰ প্ৰশাসনিক বিষয়া সহ মুঠ ৩১ গৰাকী ৰক্তদাতাই ৰক্তদান কৰে ।

ঢকুৱাখনা