ৰৌমাৰীৰ ছিফুং হাৰিমু আফাদৰ দহ বছৰীয়া বৰ্ষপুতি...

ৰৌমাৰীৰ ছিফুং হাৰিমু আফাদৰ দহ বছৰীয়া বৰ্ষপুতি...

ডিজিটেল সংবাদ, চিৰাংঃ অসমৰ ভূমিপুত্ৰসকলৰ মাজত অন্যতম হৈছে বড়ো জনগোষ্ঠীয়সকল। বড়ো জনগোষ্ঠীয় লোকসকলে তেওঁলোকৰ চহকী লোক সংস্কৃতি, সাজপোচাক, পৰম্পৰাগত নৃত্য-গীত আৰু বাদ্যযন্ত্ৰৰ যোগেদি বিশ্বৰ দৰবাৰত এটা সুকীয়া চিনাকী প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে। আধুনিকতা সংগীত আৰু যন্ত্ৰসংগীতৰ বহুল ব্যবহাৰৰ ফলত বড়ো জনগোষ্ঠীয় লোকসকলৰ পৰম্পৰাগত নৃত্য-গীত আৰু বাদ্যযন্ত্ৰসমূহ প্ৰচাৰ প্ৰসাৰ পূৰ্বৰ তুলনাত কমি যোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ইয়াৰ প্ৰচাৰ প্ৰসাৰৰ কৰাৰ প্ৰয়োজনীয়তা বোধ কৰি আগুৱাই আহিছিল কেইজনমান বড়ো যুৱক আৰু যুৱতী ।

বড়ো জনগোষ্ঠীয় লোকসকলৰ এই চহকী লোক সংস্কৃতি, নৃত্য-গীত আৰু পৰম্পৰাগত বাদ্যযন্ত্ৰৰ সংৰক্ষণ আৰু নতুন প্ৰজন্মৰ মাজত সম্প্ৰসাৰিত কৰিবলৈ চিৰাং জিলাৰ ৰৌমাৰীত গঠন কৰা হৈছিল এটি সাংস্কৃতিক সংস্থাৰ। ২০১৪ চনৰ ১ এপ্ৰিল তাৰিখে জন্ম লাভ কৰা এটি সাংস্কৃতিক সংস্থা ছিফুং হাৰিমু আফাদৰ এইবাৰ ১০ বছৰ সম্পূৰ্ণ কৰিলে। ছিফুং হাৰিমু আফাদৰ এই ১০ বছৰীয়া সফল যাত্ৰা চিৰ যুগমীয়া কৰি ৰাখিবলৈ আজিৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে ৰৌমাৰীত পালন কৰা হয় দহ বছৰীয়া বৰ্ষপুতি অনুষ্ঠান।

ৰাতিপুৱা পতাকা উত্তোলন কৰে ছিফুং হাৰিমু আফাদৰ সভাপতি খৌৰামদাও বসুমতাৰী। দ্বাৰ উদঘাটন কৰে ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে। ছিফুং হাৰিমু আফাদৰ দহ বছৰ বৰ্ষপুতিত এখনি সমবেত সংগীত পৰিবেশন কৰে সংস্থাৰ সদস্য-সদস্যাসকলে। ইয়াৰ পিছতে ৰৌমাৰী খেল পথাৰত এক সমূহীয়া নৃত্য-গীত অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত ছিফুং হাৰিমু আফাদৰ গোটেই কেইটা শাখাৰ পৰা অহা পাঁচ শতাধিক কিশোৰ কিশোৰী, যুৱক যুৱতীয়ে বড়ো সকলৰ পৰম্পৰাগত বাদ্যযন্ত্ৰ বজাই সমূহীয়া নৃত্য-গীত পৰিবেশন কৰি এক অন্য বাতাবৰণৰ সৃষ্টি কৰে ।

অনুষ্ঠানত উপস্থিত ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে নিজৰ ভাষণত প্ৰসংগত কয় যে আজিৰ পৰা দহ আগতে এই ৰৌমাৰীত যিসকল সাংস্কৃতিক প্ৰেমী যুৱক-যুৱতীয়ে নিজৰ জাতিৰ পৰম্পৰাগত কলা সংস্কৃতি ,গীত-মাত আৰু পৰম্পৰাগত বাদ্যযন্ত্ৰসমূহ নতুন প্ৰজন্মৰ মাজত লৈ যোৱাৰ যি চিন্তা কৰি আগবাঢ়ি আহিছিল, সেয়া এতিয়া বহুলাংশে সফল হোৱা বুলি ক'ব পাৰি। কাৰণ আজি ছিফুং হাৰিমু আফাদ কেবল ৰৌমাৰীতে সীমাবদ্ধ হৈ থকা নাই । এই ছিফুং হাৰিমু আফাদৰ বহুকেইটা শাখা জিলাখনৰ বিভিন্ন প্ৰান্তত খোলা হৈছে। য'ত নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতীসকলে বড়ো সকলৰ জাতীয় গীত সংগীত চৰ্চা কৰাৰ লগতে বাদ্যযন্ত্ৰ বজোৱাৰ পৰা আৰম্ভ কৰি বাদ্যযন্ত্ৰ বনোৱা পৰ্যন্ত প্ৰশিক্ষণ দিয়া হৈ আছে । তেওঁলোকৰ এই যাত্ৰাই বড়ো সকলৰ পৰম্পৰাগত নৃত্য-গীত, বাদ্যযন্ত্ৰ বিশ্বৰ দৰবাৰত পৰিচিত লাভ কৰাৰ ক্ষেত্ৰত নিশ্চিতভাৱে সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰে ।

আজিৰ অনুষ্ঠান সঞ্চালনা কৰা ছিফুং হাৰিমু আফাদৰ সাধাৰণ সম্পাদক নন্দললাল বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে যে আমি বিগত দহ বছৰ ধৰি এই "ছিফুং হাৰিমু আফাদ" জৰিয়তে বড়ো জনগোষ্ঠীয় লোক সংস্কৃতি নতুন প্ৰজন্মৰ মাজত পৰিচয় কৰি দিবলৈ আৰু পৰম্পৰাগত থলুৱা গীত-মাত বাদ্যযন্ত্ৰৰ প্ৰতি আকৰ্ষিত কৰিবলৈ গাঁৱে-ভুঞে সময়ে সময়ে কৰ্মশালাৰ আয়োজন কৰি আহিছো। খাম, ছেৰজা, আৰু ছিফুঙৰ সুৰে তালে তালে নতুন প্ৰজন্মৰ কিশোৰ কিশোৰীক বাগৰুম্বা নৃত্য, বাৰদৈ ছিখলা, মৌছা গ্লাংনাই, দাউশ্ৰী দেলাই, দাহাল ঠুংগ্ৰী, ৰৌণ চৌন্দ্ৰী লোকনৃত্যৰ প্ৰশিক্ষণ দি আহিছো । কেৱল নৃত্য গীত নহয় নৱ প্ৰজন্মৰ শিল্পীসকলক বড়োসকলৰ পৰম্পৰাগত বাদ্যযন্ত্ৰ খাম, ছেৰজা, আৰু ছিফুং বজোৱাৰ প্ৰশিক্ষণ আগবঢ়াই আহিছো। ইয়াৰ উপৰি ছিফুং হাৰিমু আফাদৰ উদ্যোগত বড়ো লোক সংস্কৃতিৰ পৰম্পৰাগত বাদ্যযন্ত্ৰ নিৰ্মাণ কৰাৰ কৰ্মশালাও আমি কৰিছো ।"ছিফুং হাৰিমু আফাদ" ৰ আন এটা বিশেষত্ব হ'ল যে অসমৰ ভিতৰত একমাত্ৰ সম্পূৰ্ণ মহিলা সকলোৰ দ্বাৰা পৰিচালিত এটা সাংস্কৃতিক দল আমাৰ আছে। দুদিন আমি যিবোৰ বাদ্যযন্ত্ৰক লৈ কাম কৰি আছিলো সেই বাদ্যযন্ত্ৰ সমুহক ভাৰত চৰকাৰে জি আই টেগ প্ৰদান কৰি বড়োসকলৰ সুকীয়া আৰু নিজস্ব বাদ্যযন্ত্ৰ বুলি স্বীকৃতি প্ৰদান কৰিলে তাৰ বাবে আমাৰ বৰ আনন্দ লাগিছে আৰু আমি যে আমাৰ কলা সংস্কৃতিৰ জীয়াই ৰখাৰ স্বাৰ্থত কাম কৰি আছো সেই কামখিনিক অধিক গতি দিবলৈ সহায়ক হ'ব বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে ।

ৰৌমাৰীৰ ছিফুং হাৰিমু আফাদৰ দহ বছৰীয়া বৰ্ষপুতি...
বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনত বিদ্যাৰম্ভৰ দিন উদযাপন...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in