/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/3c4bc242-e96b-4595-abdf-e3dc3ec9324e/6.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ পহিলা এপ্ৰিলৰ দিনটোতে সমগ্ৰ ৰাজ্যজুুৰি নতুন শিক্ষাবৰ্ষৰ দিন আৰম্ভ হৈছে। নতুন শিক্ষাবৰ্ষৰ আৰম্ভণিৰ দিনটোতে বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনৰ অভিভাৱক, ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ সহযোগত মাংগলিক কাৰ্যসূচীৰে বিদ্যাৰম্ভৰ দিন উদযাপন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/27b0c732-4868-4e08-81c5-3f4e355e5102/47a5ad8f_ab14_4ab6_9aca_f990b7c2c529.jpg)
সোমবাৰে পুৱা বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে নিকেতনৰ প্ৰধান আচাৰ্য সোনামনি কলিতাই। পাছত কীৰ্তন ঘোষাৰ শিশু লীলা পাঠ কৰি সকলোৱে আশীৰ্বাদ গ্ৰহণ কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত নিকেতন পৰিচালনা সমিতিৰ সহকাৰী সম্পাদক সুনিল বৰুৱাকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।
Also Read: চানমাৰি লাচিত সংঘৰ সমীপত নিচাজাতীয় সামগ্ৰীসহ সৰবৰাহকাৰীক আটক
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us