কাজলগাঁৱত শিপিনীসকলৰ পৰম্পৰাগত বস্ত্ৰ ক্রয় কেন্দ্র মুকলি

বস্ত্ৰ ক্রয় কেন্দ্র মুকলি কৰে চিদলী বিধায়ক জয়ন্ত বসুমতাৰীয়ে

author-image
Asomiya Pratidin
New Update
কাজলগাঁৱত শিপিনীসকলৰ পৰম্পৰাগত বস্ত্ৰ ক্রয় কেন্দ্র মুকলি

শিপিনীসকলৰ পৰম্পৰাগত বস্ত্ৰ ক্রয় কেন্দ্র মুকলি

ডিজিটেল সংবাদ, চিৰাংঃ অসমৰ অন্যান্য জিলাৰ লগতে চিৰাং জিলাৰ কাজলগাঁৱতো বৃহস্পতিবাৰে অসম চৰকাৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ ৰাজ্যিক ধ্বজাবাহী আঁচনি "স্বনিৰ্ভৰ নাৰী" অধীনত শিপিনী সকলৰ তাঁতশালত বোৱা পৰম্পৰাগত বস্ত্ৰ ক্রয় কেন্দ্র মুকলি কৰা হয় । কাজলগাঁৱৰ জিলা হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ কাৰ্যালয়ত আয়োজিত এই সভাৰ জৰিয়তে বিক্ৰী কেন্দ্ৰৰ আনুষ্ঠানিক উদ্বোধন কৰে চিদলী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে।

Advertisment

"স্বনিৰ্ভৰ নাৰী" আচনি'ৰ নির্দেশনাৱলীত উল্লেখিত ৩১ বিধ পৰম্পৰাগত বস্ত্ৰৰ ভিতৰত পূৰ্বতে পঞ্জীয়ণভুক্ত শিপিনী সকলৰ পৰা গামোচা, আৰ'নাই, কোচৰাজবংশী গামোচা আনুষ্ঠানিকভাৱে ক্ৰয় কৰি শিপিনীসকলক বিক্ৰয়ৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে বিধায়ক জয়ন্ত বসুমতাৰীয়ে । জিলা হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সহকাৰী সঞ্চালক দ্বিজেন কছাৰীয়ে সঞ্চালনা কৰা আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে জিলা উপায়ুক্ত পি, বিজয় ভাস্কৰ ৰেড্ডী, অতিৰিক্ত উপায়ুক্ত অজিত কুমাৰ শৰ্মা, গ্ৰামোন্নয়ন বিভাগৰ প্ৰকল্প সঞ্চালক অৰবিন্দ ৰাভাৰ লগতে জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জনগোষ্ঠীয় শিপিনীসকল ।

ক্ৰয় কেন্দ্ৰ উদ্বোধন কৰি বিধায়ক জয়ন্ত বসুমতাৰীয়ে কয় যে বিগত বৰ্ষৰ জুলাই মাহত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত ৰাজ্যৰ শিপিনীসকলৰ দ্বাৰা প্ৰস্তুত কৰা বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত ৩১ বিধ বস্ত্ৰ ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । উদ্দেশ্য আছিল হস্ততাঁত তথা বয়নশিল্পৰ সৈতে জড়িত মহিলা সকলক আৰ্থিক স্বাৱলম্বীতা কৰা । পূৰ্বতে আমাৰ ৰাজ্যৰ শিপিনী সকলে কষ্ট কৰি তাঁতশালত বস্ৰ ঠিকেই কৰিছিল কিন্তু সেই উৎপাদিত বস্ৰ সামগ্ৰী সমূহ উপযুক্ত মূল্যত বিক্ৰী কৰাৰ কোনো ব্যৱস্থা নাছিল ।

অসম চৰকাৰে সেই ব্যৱস্থা আগত ৰাখিয়েই চিৰাং জিলাৰ কাজলগাঁৱৰ উপৰি বিজনী আৰু বড়োবাজাৰ উন্নয়ন খণ্ড কাৰ্যালয়ত ক্ৰয় কেন্দ্ৰ স্থাপন কৰা হৈছে বুলি বিধায়ক জনে সদৰি কৰে । জিলা হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সহকাৰী সঞ্চালক দ্বিজেন কছাৰীয়ে আচনি সন্দৰ্ভত চিৰাং জিলাত ইতিমধ্যে "স্বনিৰ্ভৰ নাৰী" আচনি'ৰ অধীনত ১৬৬৪৭ গৰাকী শিপিনীয়ে নিজৰ নাম পঞ্জীয়নভুক্ত কৰিছে ।

এই ক্রয় কেন্দ্ৰ সমূহত কেৱল স্বনিৰ্ভৰ নাৰী আচনি'ৰ গৃহীত নির্দেশনাৱলীত উল্লেখিত ৩১ বিধ পৰম্পৰাগত সামগ্ৰীহে ক্ৰয় কৰা হ'ব । এগৰাকী শিপিনীৰ পৰা সৰ্বমুঠ ১০০ খন বস্ত্ৰ সামগ্ৰীহে ক্ৰয় কৰা হ'ব । এই ক্ৰয় ব্যৱস্থা জানুৱাৰী মাহৰ ১৫ কৰ্মদিন লৈকে চলিব (প্রয়োজন সাপেক্ষে সময়সীমা পৰৱৰ্ত্তী ১৫ কর্মদিনলৈ বৃদ্ধি কৰা হ'ব পাৰে) ।

ক্রয় কেন্দ্ৰ সমূহত কেৱল স্বনিৰ্ভৰ নাৰী আচনি'ৰ গৃহীত নির্দেশনাৱলীত উল্লেখিত ৩১ বিধ পৰম্পৰাগত সামগ্ৰীহে ক্ৰয় কৰা হ'ব । এগৰাকী শিপিনীৰ পৰা সৰ্বমুঠ ১০০ খন বস্ত্ৰ সামগ্ৰীহে ক্ৰয় কৰা হ'ব । এগৰাকী শিপিনীয়ে মাত্ৰ এবাৰহে সামগ্রী বিক্ৰী কৰিব পাৰিব । স্বনিৰ্ভৰ নাৰী আঁচনিৰ অধীনত নিৰ্ধাৰিত নিৰিখত ক্ৰয় কৰাৰ বাবে নিৰ্বাচিত সামগ্রীসমূহৰ তালিকাৰ ভিতৰত বিভিন্ন প্ৰকাৰৰ গামোচা, বড়ো আৰ'নাই, কাৰ্বি পহ, মণিপুৰী খুদেই (অংগবস্ত্ৰ), ৰাভা পাজাৰ, ডিমাচা ৰিচা-বাচা, মিচিং ডুমেৰ আৰু এৰক'গ, কোঁচ-ৰাজবংশী গামোচা, তিৱা ফালি, দেউৰী গামোচা আছে বুলি সদৰি কৰে ।

আৰু পঢ়কঃ দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ গ'ল যুৱকক...

assam chirang