
ডিজিটেল সংবাদ, চিৰাংঃ চিৰাঙত অবাধে শিল বালি কঢ়িয়াই পথ বিধ্বস্ত কৰা ট্ৰেক্টৰৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ। জানিব পৰা মতে জিলাখনৰ বাসুগাঁও চহৰৰ ৩নং ৱাৰ্ডৰ ৰামকৃষ্ণ পথত আৰক্ষী আৰু বন বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি একাংশ ট্ৰেক্টৰে অবাধে শিল-বালি কঢ়িয়াই আছে।
এইবোৰ নিয়ন্ত্ৰনহীনভাৱে চলা ট্ৰেক্টৰৰ বিৰুদ্ধে প্ৰতিবাদৰ উদ্দেশ্যে মাৰবান্ধি ওলাই আহিছে একাংশ সচেতন ৰাইজ। প্ৰতিবাদী ৰাইজে পথৰ ওপৰত কুৱাৰ চিমেণ্টৰ ৰিং (পাট) বহুৱাই পথ অৱৰোধ কৰে । দীৰ্ঘসময়ৰ বাবে আবদ্ধ কৰি ৰাখে দুখনকৈ চালান বিহীনভাৱে বালি কঢ়িওৱা ট্ৰেক্টৰ।
৩ নং ৱাৰ্ডৰ ৰামকৃষ্ণ পথৰ বাইলেনৰ একাংশ স্থানীয় ৰাইজৰ অভিযোগ যে, দীৰ্ঘদিন ধৰি বাধা প্ৰদান কৰা স্বত্বেও নিজৰ নিজৰ পট্টাৰ মাটি এৰি বনাই লোৱা পথছোৱাক শিল বালি কঢ়িওৱা ট্ৰেক্টৰসমূহে বিধ্বস্ত কৰি পেলাইছে । বাৰিষা কালত পথৰ ওপৰত জমা হোৱা পানী আৰু খৰালি কালত ধূলিয়ে অঞ্চলটোৰ বাসিন্দাক স্বাভাৱিক জীৱন যাপনত বাধা জন্মোৱাত অতিষ্ঠ হৈ শুকুৰবাৰে ৰাজপথলৈ ওলাই আহি পথ অৱৰোধ কৰে ।
সচেতন ৰাইজে জানিবলৈ দিয়া অনুসৰি পথছোৱাৰ বৰ্তমান অৱস্থা এনে পৰ্যায় পাইছেগৈ যে, উক্ত পথটিৰে ই-ৰিক্সা বা আন লঘু যান-বাহন উক্ত এলেকাত আহিব নোখোজা হৈছে। ফলত ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগাত পৰিছে বুলি সদৰি কৰে ।
উল্লেখ্য যে, ৰাইজে বাৰাম্বাৰ বাধা প্ৰদান কৰাৰ পাছতো ট্ৰেক্টৰৰ মালিক পক্ষই একপ্ৰকাৰ দাদাগিৰি কৰি চম্পাৱতী নৈৰ পৰা প্ৰতিদিনে উক্ত পথৰে ট্ৰেক্টৰ চলাই চালান বিহীনভাৱে শিল বালিৰ অবৈধ ব্যৱসায় চলাি আছে। লক্ষ্যনীয় বিষয় যে, আজি ৰাইজে আবদ্ধ কৰি ৰখা দুয়োখন ট্ৰেক্টৰৰ নাছিল বন বিভাগৰ কোনো বৈধ চালান। নাছিল চালকৰ অনুজ্ঞাপত্ৰ পত্ৰ ।
আনহাতে ৰাইজে ট্ৰেক্টৰ আটক কৰাৰ খবৰ লাভ কৰি এখন ট্ৰেক্টৰৰ মালিক সৌমেন বসুমতাৰী ঘটনাস্থলীত আহি ৰাইজক ভয় ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰে অঞ্চলটোৰ ৰাইজে ।
তেনেক্ষেত্ৰত পৰিবহন বিভাগৰ নিয়ম নীতি ভঙ্গ কৰা আৰু বন বিভাগৰ চালান অবিহনে ৰাজহ ফাকি দিয়া এই সমূহ ট্ৰেক্টৰৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগৰ হস্তক্ষেপ দাবী কৰে অঞ্চলবাসী ৰাইজে ।
আৰু পঢ়কঃ নিজৰ মৃত্যু প্ৰমাণিত কৰাৰ বাবে অন্য যুৱতীক হত্যা কৰি ঢালিলে এচিড, চিৰিয়েলৰ পৰা অনুপ্ৰাণিত...