চাপাগুৰীত খ্ৰীষ্টান ধৰ্মালম্বীৰ ইউকেৰিষ্টিক ধৰ্মীয় শোভাযাত্ৰা...

ইউকেৰিষ্টিক ধৰ্মীয় শোভাযাত্ৰাত বঙাইগাঁও ডায়চেচন অন্তৰ্গত প্ৰায় ৩৬ খন পাৰিচিচৰ লগতে অন্যান্য ধৰ্মীয় অনুষ্ঠান আৰু স্কুলৰ ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰে

author-image
Asomiya Pratidin
New Update
চাপাগুৰীত খ্ৰীষ্টান ধৰ্মালম্বীৰ ইউকেৰিষ্টিক ধৰ্মীয় শোভাযাত্ৰা...

খ্ৰীষ্টান ধৰ্মালম্বীৰ ইউকেৰিষ্টিক ধৰ্মীয় শোভাযাত্ৰাৰ একাংশ

ডিজিটেল সেৱা, চিৰাংঃ চিৰাং জিলাৰ চাপাগুৰীত খ্ৰীষ্টান ধৰ্মালম্বী কেথলিক পন্থীৰ কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত ৭ম সংখ্যক ইউকেৰিষ্টিক ধৰ্মীয় শোভাযাত্ৰা উলিয়াই । বিগত দুটা বছৰ ক'ভিড পৰিস্থিতিৰ কাৰণে অনুষ্ঠিত কৰিব নোৱাৰা চিৰাং জিলাৰ চাপাগুৰী স্থিত এছটি এলয়ছিয়াছ চেমিনেৰী পৰা উলিওৱা এই ইউকেৰিষ্টিক শোভাযাত্ৰা চাপাগুৰীৰ এলেকা সামৰি পৰিভ্ৰমণ কৰে বুলি জানিবলৈ দিয়ে ।

Advertisment

উল্লেখ্য যে, পৃথিৱীত বিভিন্ন দেশত বসবাস কৰা খ্ৰীষ্টান ধৰ্মৰ কেথলিক পন্থীৰ লোক সকলৰ আত্মবিশ্বাস কিমান আছে তাৰে পৰীক্ষাৰ বাবে প্ৰত্যেক বছৰে ইউকেৰিষ্টিক শোভাযাত্ৰা উলিওৱা হয় বুলি উদ্যোক্তা সকলে জানিব দিয়ে। এই ইউকেৰিষ্টিক ধৰ্মীয় শোভাযাত্ৰাত বঙাইগাঁও ডায়চেচন অন্তৰ্গত প্ৰায় ৩৬ খন পাৰিচিচৰ লগতে অন্যান্য ধৰ্মীয় অনুষ্ঠান আৰু স্কুলৰ ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰে।

আৰু পঢ়কঃ পাঞ্জাৱাৰীত গুলীবিদ্ধ হোৱা ৰঞ্জিত বৰাৰ মৃত্যু...

assam chirang