/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/36d41d99-7fe8-4682-a435-a90b280bb08e/5.jpg)
ডিজিটেল সংবাদ, চিৰাং: কোচ ৰাজবংশী জনগোষ্ঠীৰ নায্য প্ৰাপ্তিৰ দাবীত অহা আগষ্ট মাহৰ পৰা ধাৰাবাহিক আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিব আক্ৰাছুই। অসম বিধান সভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই দিছপুৰত ধৰ্ণা কাৰ্যসূচীৰে আৰম্ভ কৰিব আন্দোলন। সোমবাৰে চিৰাং জিলাৰ কদমতলাস্থিত চিলাৰায় ভৱনত আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু চিৰাং জিলা আক্ৰাছুৰ সহযোগত অনুষ্ঠিত আক্ৰাছুৰ ৩৪তম প্ৰতিষ্ঠা দিৱস কাৰ্যসূচীত উপস্থিত থাকি এই কথা ঘোষণা কৰে আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সুনাধৰ ৰায়ে।
অনুষ্ঠানৰ পৰাই জীৱন সিংহ নেতৃত্বাধীন কেএলঅৰ লগত অতি শীঘ্ৰেই শান্তি আলোচনাৰ জৰিয়তে কোচ ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘ দিনীয়া সমস্যা সমাধানৰ দাবী আক্ৰাছুৰ নেতাজনে। চিৰাং জিলা আক্ৰাছুৰ উদ্যোগত আয়োজিত আক্ৰাছুৰ প্ৰতিষ্ঠা দিৱসত আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সুনাধৰ ৰায় উপস্থিত থাকি শাসনাধিষ্ঠ বিজেপি চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীটোক বাৰে বাৰে প্ৰতাৰনা কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে। সেয়ে বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে কোচ ৰাজবংশী জনগোষ্ঠীৰ লোক সকলক একত্ৰিত হবলৈ আহ্বান জনায়।
অনুষ্ঠানতেই মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাকো তীব্ৰ ভাষাৰে সমালোচনা কৰি কোচ ৰাজবংশী জনগোষ্ঠীক বাদ দি যদি ৰাজনীতি কৰিব বিচাৰিছে সেয়া কেতিয়াও হ'বলৈ দিয়া নহ'ব বুলিও হুংকাৰ দিয়ে। কোচ ৰাজবংশী জনগোষ্ঠীৰ নায্য অধিকাৰৰ দাবীত চলা আন্দোলনত ছাত্ৰ-ছাত্ৰীসকলৰ অৱদান অপৰিসীম বুলি উল্লেখ কৰি সোমবাৰে অঞ্চলটোৰ অৰ্ধ শতাধিক উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক জনগোষ্ঠীয় জাতীয় গামোচা আৰু মান পত্ৰৰে উষ্ণ সম্বৰ্ধনা জনায়।
Also Read: মাৰ্ঘেৰিটাত আছুৰ অভিনন্দন অনুষ্ঠান: সমাজ সংগঠক ভূপেন চন্দ্ৰ নেওগ সোঁৱৰণী বঁটা প্ৰদান
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us