/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/1e806dbd-492a-4e7f-bbcc-9980f015d649/4.jpg)
ডিজিটেল সংবাদ, মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত সোমবাৰে মাৰ্ঘেৰিটা আঞ্চলিক ছাত্র সন্থাই সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকললৈ বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে। কাৰ্যসূচী অনুসৰি প্ৰথমে বন্তি প্ৰজ্বলন কৰে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অতনু কাকতিয়ে। ইয়াৰ পিছতে মাৰ্ঘেৰিটা স্থানীয় শিল্পীসকলে এটি বৰগীত পৰিৱেশন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/dad92c9f-e090-4f3e-9e76-eab8e11ab3fd/8daa9a5a-322d-4c71-84bf-e9a513bf5b13.jpg)
মাৰ্ঘেৰিটা আঞ্চলিক ছাত্র সন্থাৰ উপদেষ্টা ৰূপম বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত সভাপতিত্ব কৰে মাৰ্ঘেৰিটা আঞ্চলিক ছাত্র সন্থাৰ প্ৰাক্তন নেতা চিন্তু গগৈয়ে। মাৰ্ঘেৰিটা আঞ্চলিক ছাত্র সন্থাৰ উপদেষ্টা ৰূপম বৰুৱাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা পাছতে কৃতী ছাত্র-ছাত্রীসকলক উদ্দেশ্যি আমন্ত্রিত অতিথি তথা বিশিষ্ট শিক্ষাবিদ, ছাত্ৰ পৰিক্ৰমা গুৰু, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড০ সুৰজিৎ বৰকটকী আৰু মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অতনু কাকতিয়ে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/4cafaf79-24aa-4783-84e9-310098586d34/70a0693d-50aa-4277-afc8-3fc07e005699.jpg)
আনহাতে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সমৰজ্যোতি গগৈ, তিনিচুকীয়া জিলাৰ সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগ, জেষ্ঠ সাংবাদিক তথা মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সন্থাৰ সাধাৰণ সম্পাদক মানস প্ৰতিম গগৈ আদিয়ে ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। ইয়াৰ পাছতে মাৰ্ঘেৰিটা অঞ্চলৰ পৰা উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ প্ৰায় ৯৭ গৰাকী কৃতী ছাত্র-ছাত্রীক অভিনন্দন পত্ৰ আৰু ফাইলেৰে অভিনন্দন জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/4f75d9d1-3a03-4c5a-94cd-165d85ddc482/1663a074-c674-48de-914e-48a4dfbd1c4e.jpg)
এই বৰ্ষৰ পৰা মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই সমাজ সংগঠক ভূপেন চন্দ্ৰ নেওগ সোঁৱৰণী বঁটা প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। উক্ত বঁটা দাতা তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে প্ৰতিবৰ্ষতে মাৰ্ঘেৰিটাৰ অঞ্চলৰ পৰা সৰ্ব্বোচ্চ নম্বৰ লাভ কৰা শিক্ষাৰ্থী গৰাকীলৈ প্ৰদান কৰিব। এই বঁটাত আছে এখনি চেলেং চাদৰ, স্মাৰক আৰু প্ৰয়োজনীয় কিতাপ পত্ৰ ক্ৰয় কৰিবৰ বাবে ৫ হাজাৰ টকা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/6c7b8dfa-f39b-4853-a8f3-70e867775052/171d552c-f739-4a84-8244-ab85ecb90348.jpg)
মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠানত বৃহত্তৰ মাৰ্ঘেৰিটা অঞ্চলৰ ভিতৰত সৰ্ব্বোচ্চ নম্বৰ লাভ কৰা জাগুনৰ নিকীতা শৰ্মালৈ আগবঢ়োৱা হয় ভূপেন চন্দ্ৰ নেওগ সোঁৱৰণী বঁটা । উল্লেখ্য যে ভূপেন চন্দ্ৰ নেওগ আছিল এগৰাকী কৃতী শিক্ষক ( টিৰাপমুখ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে অৱসৰ লৈছিল) , বায়ন , শংকৰী কলা-সংস্কৃতি, বিহু সংস্কৃতিৰ সাধক , লিডু শাখা সাহিত্য সভাৰ সভাপতি মাৰ্ঘেৰিটা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিষ্ঠাপক সম্পাদক । লিডুৰ সকলো অনুষ্ঠান-প্ৰতিষ্ঠানৰে জড়িত আছিল তেওঁ ।
উক্ত অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থা তিনিচুকীয়া জিলাৰ সভাপতি সত্য বৰগোঁহাই, সভাপতি, দেৱজিৎ বৰুৱা, লক্ষ্যধৰ সোনোৱাল, কৃৰ্তি ছাত্ৰ ছাত্ৰী, অভিভাৱক অভিভাৱিকা লগতে সদৌ অসম ছাত্ৰ সন্থা বিভিন্ন পৰ্য্যায়ৰ নেতা কৰ্মী ।
Also Read: ৰঙিয়া চিকিৎসালয়ৰ ব্লাড বেংকৰ প্ৰস্তাৱিত ভূমি পৰিদৰ্শন ভৱেশ কলিতাৰ...