চিৰাঙৰ কাজলগাঁৱত তেলৰ চোৰাং বেহা...

চিৰাঙৰ কাজলগাঁৱত তেলৰ চোৰাং বেহা...

author-image
Asomiya Pratidin
New Update
চিৰাঙৰ কাজলগাঁৱত তেলৰ চোৰাং বেহা...

ডিজিটেল সংবাদ, চিৰাংঃ নিৰ্বাচনক লৈ আৰক্ষীৰ ব্যস্ততাৰ সুযোগ গ্ৰহণ কৰি চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত ছাতিপুৰ গাঁৱত তেলচুৰি চক্ৰই দিনৰ পোহৰতে প্ৰেট্ৰলিয়াম ইন্ধন কঢ়িওৱা টেঙ্কাৰৰ পৰা তেল চুৰিৰ ঘটনা অব্যাহত আছে।

Advertisment

বুধবাৰে বিয়লিৰ ভাগত কাজলগাঁও থানাৰ অন্তৰ্গত ঢালিগাঁও আৰক্ষী চকীৰ এটা টহলদাৰী দলে এএছ ২৬ চি ৪৭০৭ পঞ্জীয়নৰ টেঙ্কাৰৰ পৰা তেল চুৰি কৰি থকা অৱস্থাত ঘটনাস্থলীত উপস্থিত হোৱাত তেলচুৰি চক্ৰটোৰ লগতে টেঙ্কাৰখনৰ চালক, সহ চালক তাৰ পৰা পলাই পত্ৰং দিয়ে ।

পাছত টহলদাৰী আৰক্ষীৰ লোকে ঘটনাস্থলীৰ পৰা টেঙ্কাৰখনৰ লগতে চোৰাং তেল ভৰ্তি কেইবাটাও ড্ৰাম আৰু তেল ভৰ্তি বাল্টি জব্দ কৰি কাজলগাঁও থানাত লৈ আহে । জব্দ কৰা তেলৰ টেঙ্কাৰ বৰ্তমান কাজলগাঁও থানাত ৰাখি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

উল্লেখ্য যে যোৱা কিছুদিন আগতেও অনুৰূপ ধৰণেই টেঙ্কাৰৰ পৰা তেল চুৰি কৰি থকা অৱস্থাত কাজলগাঁও থানাৰ আৰক্ষীয়ে এখন প্ৰেট্ৰলিয়াম জাতীয় তেলভৰ্তি টেঙ্কাৰ জব্দ কৰিছিল ।

Also Read: পদুম মানে ট্ৰেক্টৰ, ট্ৰেক্টৰ মানেই পদুমঃ ড° হিমন্ত বিশ্ব শৰ্মা

chirang