চিৰাঙৰ আমগুৰী-খাগৰাবাৰী এম ই স্কুলত সামূহিক উৎসৱ উদযাপন

বাৰেৰহণীয়া জনগোষ্ঠীয় সাংস্কৃতিক শোভাযাত্ৰা

author-image
Asomiya Pratidin
New Update
চিৰাঙৰ আমগুৰী-খাগৰাবাৰী এম ই স্কুলত সামূহিক উৎসৱ উদযাপন

বাৰেৰহণীয়া জনগোষ্ঠীয় সাংস্কৃতিক শোভাযাত্ৰা

ডিজিটেল সংবাদ, চিৰাংঃ চিদলী-চিৰাং শিক্ষা খণ্ডৰ অন্তৰ্গত শিলগুৰী প্ৰথম খণ্ড মণ্ডল সমলকেন্দ্ৰৰ সামূহিক উৎসৱ দুদিনীয়া কাৰ্য্যসূচীৰে ১ নং আমগুৰী-খাগৰাবাৰী এম ই স্কুল চৌহদত উদযাপন কৰা হয় । শুকুৰবাৰৰ দিনটোত কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠিত হৈ যায় ।

Advertisment

শনিবাৰে বছৰটোৰ অন্তিমটো দিনত সামূহিক উৎসৱৰ লগত সংগতি ৰাখি ১ নং আমগুৰী-খাগৰাবাৰী এম ই স্কুল প্ৰাংগণৰ পৰা এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । শিলগুৰী প্ৰথম খণ্ড মণ্ডল সমলকেন্দ্ৰৰ অন্তৰ্গত ১১ খন শিক্ষানুষ্ঠানৰ পৰা অহা প্ৰায় ৩০০ কণ কণ ছাত্ৰ ছাত্ৰীয়ে বড়ো আৰু কোচৰাজবংশী জনগোষ্ঠীয় লোক সংস্কৃতিক আজিৰ সাংস্কৃতিক শোভাযাত্ৰাত উপস্থাপন কৰি খাগৰাবাৰী অঞ্চল পৰিভ্ৰমণ কৰি গাওঁবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।

দুপৰীয়া সমূহীয়া ভোজ-ভাতৰ অন্তত বিয়লি মুকলি সভাৰ জৰিয়তে বিভিন্ন প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্ৰ ছাত্ৰী সকলৰ মাজত পুৰস্কাৰ বিতৰণ কৰা হয় । আজি সামূহিক উৎসৱৰ অনুষ্ঠানত ছাত্ৰ ছাত্ৰী সকলৰ উপৰি শিক্ষক শিক্ষয়িত্ৰী , অভিভাৱক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।

আৰু পঢ়কঃ একাধিক কবি-সাহিত্যিকলৈ সেউজী-সেউজী বঁটা ঘোষণা

assam chirang