/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/f43711eb-890d-4943-8e88-b3d4eb1a7b0d/job.jpg)
জবকাৰ্ডধাৰী মহিলা
ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং জিলাৰ চিদলী-চিৰাং উন্নয়ন খণ্ডৰ ছামঠাইবাৰী ভি চি ডি চিৰ মোজাবাৰী গাঁৱত এম জি এনৰেগা আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। ইয়াকে লৈ সন্মুখ সমৰত অৱতীৰ্ণ হৈছে দুই ৰাজনৈতিক দল বি পি এফ আৰু ইউ পি পি এলৰ সমৰ্থক তথা কৰ্মী।
বি পি এফ দলৰ সমৰ্থকৰ অভিযোগ মতে মোজাবাৰী ইছলামিক মাদ্ৰাছাৰ ৰাজহুৱা ভূমিত ৰাইজে দান কৰা তামোল গছৰ পুলি ৰোপণ কৰা হৈছিল । কিন্তু মোজাবাৰী ভি চি ডি চিৰ সদস্যা তছেৰণ খাতুনে ৰাইজৰ দান বৰঙণিৰে ৰোপণ কৰা তামোল বাগানত এম জি এনৰেগাৰ ২লাখ টকীয়া আঁচনিৰ ফলক স্থাপন কৰি অইন গাঁৱৰ পৰা পৰা জব কাৰ্ডধাৰী মহিলা শ্ৰমিকক আনি জি আৰ এছৰ হতুৱাই ফটো তুলি আচঁনিৰ ধন আত্মসাত কৰিছে । অথচ স্থানীয় জবকাৰ্ডধাৰী মহিলা শ্ৰমিকসকলে বিগত তিনিবছৰ ধৰি কোনো জবকাৰ্ডৰ কাম লাভ কৰা নাই ।
ইয়াৰ বিপৰীতে মোজাবাৰী ভি চি ডি চিৰ সদস্যা তছেৰণ খাতুনৰ সমৰ্থনত ভাতৃ আৰু একাংশ লোক আগবাঢ়ি আহি অভিযোগকাৰীলোকৰ সৈতে তৰ্ক বিতৰ্কত লিপ্ত হোৱা বুলি জানিবলৈ দিয়ে। ইয়াকে লৈ মাদ্ৰাছা চৌহদত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ভি চি ডি চিৰ সদস্যা তছেৰণ খাতুনক সমৰ্থন কৰি মোজাবাৰী ইছলামিক মাদ্ৰাছা পৰিচালনা সমিতিৰ সভাপতি এন্নছ আলী খানে কয় যে ভি চি ডি চিৰ সদস্যাগৰাকীয়ে তেখেতৰ লগত আৰু গাঁৱৰ মানুহৰ লগত আলোচনা কৰি মাদ্ৰাছাৰ ভূমিত এম জি এনৰেগা আঁচনিৰ অধীনত তামোল বাগান কৰাৰ ৰাজহুৱা সিদ্ধান্ত লোৱা হৈছিল বুলি দাবী কৰে ।
তাৰ পিছত কিছু স্থানীয় আৰু কিছু অন্য গাঁৱৰ শ্ৰমিকৰ দ্বাৰা তামোলৰ পুলি ৰোপণ কৰা হৈছিল । দুই পক্ষৰ অভিযোগ-প্ৰতি অভিযোগৰ পৰা এটা কথা পোহৰলৈ আহে যে ২ লক্ষ টকাৰ এই আচঁনিৰ বাবে কমেও চাৰি বিঘা ভূমিত তামোল পুলি ৰোপণ কৰিব লাগিছিল যদিও মোজাবাৰীত সেই আঁচনিৰ অধীনত মাত্ৰ এক বিঘা ভূমিতে কৰা তামোলৰ পুলি ৰোপণ কৰা হৈছে ।
আনহাতে বছৰৰ পিছত বছৰ ধৰি স্থানীয় জবকাৰ্ডধাৰী শ্ৰমিকক বঞ্চিত কৰি অন্য গাঁৱৰ শ্ৰমিক আনি জি আৰ এছৰ হতুৱাই ফটো তুলি থকা হৈছে । এনেকৈয়ে বি টি আৰ এলেকাৰ গ্ৰামাঞ্চলত চৰকাৰী আচঁনিৰ ৰূপায়নৰ ক্ষেত্ৰত ব্যাপক অনিময়ৰ কথা পোহৰলৈ আহিছে ।
আৰু পঢ়কঃ এখন যুদ্ধ শেষ নহওতেই আন এখন যুদ্ধৰ বাবে সাজু বিশ্ব...