চিদলীৰ কাণ্ডৰ অভিযুক্তক ফাষ্ট্ৰেক আদালতৰ জৰিয়তে শাস্তি প্ৰদান দাবী দল সংগঠনৰ

চিদলীৰ কাণ্ডৰ অভিযুক্তক ফাষ্ট্ৰেক আদালতৰ জৰিয়তে শাস্তি প্ৰদান দাবী দল সংগঠনৰ
Published on
Updated on

ডিজিটেল সংবাদ, চিৰাং: চিৰাঙৰ চিদলীত বহিঃৰাজ্যত কৰ্মসংস্থান দিয়াৰ প্ৰলোভন দি দুগৰাকীকৈ নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত পলাতক জহিৰউদ্দিন দেৱানক মঙলবাৰে পুৱতি নিশা ২বজাত অভিযান চলাই চিৰাং আৰক্ষীয়ে নিউ বঙাইগাঁও ৰেলষ্টচনৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰে। তাৎপৰ্য্যপূৰ্ণ বিষয় যে চিদলী থানাৰ অন্তৰ্গত মোজাবাৰী গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সভাপতিৰ পদত থকা জহিৰদ্দিন দেৱানৰ বিৰুদ্ধে কোচ-ৰাজবংশী জনগোষ্ঠীৰ দুগৰাকীকৈ নৱম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছৰে পৰা পলাতক হৈ আছিল।

আৰক্ষী থানাত অভিযোগ দিয়াৰ পিছতো আৰক্ষীয়ে অভিযুক্ত জহিৰউদ্দিন দেৱানক গ্ৰেপ্তাৰ কৰিব নোৱাৰাত সোমবাৰে বিভিন্ন কোচ-ৰাজবংশী জনগোষ্ঠীয় দল-সংগঠনৰ সহযোগত দুই শতাধিক মহিলাই চিদলী থানা ঘেৰাও কৰি আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। উত্তেজিত প্ৰতিবাদকাৰীসকলে অভিযুক্ত জহিৰউদ্দিন দেৱানক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক ২৪ ঘন্টা অতিৰিক্ত সময় বান্ধি দিছিল অন্যথাই ৰাজপথ অৱৰোধ নাইবা চিৰাং জিলা বন্ধ ঘোষনাৰ সকিয়নী প্ৰদান কৰিছিল।

অৱশেষত মঙলবাৰে পুৱতি নিশা চিৰাং জিলা আৰক্ষীয়ে অভিযুক্ত জহিৰউদ্দিন দেৱানক গ্ৰেপ্তাৰ কৰে। ইপিনে ৰক্ষক হৈ ভক্ষকৰ ভূমিকা গ্ৰহণ কৰা গাঁওৰক্ষী বাহিনীৰ সভাপতি অভিযুক্ত জহিৰউদ্দিন দেৱানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত কোচ-ৰাজবংশী দল সংগঠনৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছত চিৰাং আৰক্ষীয়ে যি ধৰনে তৎপৰতা দেখুৱাই অভিযুক্ত জহিৰউদ্দিন দেৱানক গ্ৰেপ্তাৰ কৰিলে তাৰ বাবে চিৰাং আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে। কিন্তু চিদলীৰ এই নাবালিকাক যৌন নিৰ্যাতন কৰা ঘটনাৰ আৰঁত যিহেতু বহিঃৰাজ্যত কৰ্মসংস্থানৰ নামত মানৱ সৰবৰাহকাৰীৰ বিষয়টো জড়িত হৈ আছে সেয়ে এই সমগ্ৰ বিষয়টো তদন্ত প্ৰক্ৰিয়া কেৱল যৌন নিৰ্যাতনতে সীমাবদ্ধ নাৰাখি মানৱ সৰবৰাহৰ বিষয়টোক গুৰুত্ব সহকাৰে লৈ তদন্ত কৰাৰ পোষকতা কৰে দল সংগঠনৰ নেতৃত্ববৰ্গ সকলে। কাৰণ জহিৰউদ্দিন দেৱানৰ সৈতে নিশ্চয় কোনো আন্তঃৰাষ্ট্ৰীয় মানৱ সৰবৰাহকাৰী চক্ৰৰ সৈতে যোগাযোগ আছে বুলি সন্দেহ প্ৰকাশ কৰে ।

এইক্ষেত্ৰত আৰক্ষীয়ে সঠিক তদন্ত কৰি অভিযুক্ত জহিৰউদ্দিন দেৱানক ফাষ্ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়াৰ মাজেৰে দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যবস্থা গ্ৰহণ কৰাৰ লগতে মানৱ সৰবৰাহকাৰী চক্ৰটোক উৎখাত কৰিবলৈ অসম চৰকাৰ লৈ আহ্বান জনায়। ইপিনে মঙলবাৰে প'কছ ধাৰাত গ্ৰেপ্তাৰ কৰা অভিযুক্ত জহিৰউদ্দিন দেৱানক আৰক্ষীয়ে কাজলগাঁৱস্থিত জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰি আৰক্ষীৰ জিম্মাত বিচাৰে আৰু সেইমৰ্মে আদালতে অভিযুক্তক দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰে ।

চিদলীৰ কাণ্ডৰ অভিযুক্তক ফাষ্ট্ৰেক আদালতৰ জৰিয়তে শাস্তি প্ৰদান দাবী দল সংগঠনৰ
জামুগুৰিহাটত ২৬৯বছৰীয়া বোকাখচা ভাওনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in