জামুগুৰিহাটত ২৬৯বছৰীয়া বোকাখচা ভাওনা

জামুগুৰিহাটত ২৬৯বছৰীয়া বোকাখচা ভাওনা
Published on
Updated on

ডিজিটেল সংবাদ, জামুগুৰিহাট: জামুগুৰিহাটৰ পাতলৰচুক গাঁৱত মঙলবাৰে অনুষ্ঠিত হয় ২৬৯ বছৰীয়া গৌৰৱোজ্জ্বল ইতিহাসৰে সমৃদ্ধ বোকাখচা ভাওনা। কৃষ্ণৰ জন্মৰ পাচত প্ৰজাসকলে নন্দৰ ঘৰলৈ খবৰ লবলৈ যোৱা বা নন্দ ৰজাই লৰা সন্তান লাভ কৰাত প্ৰজা সকলে কৰা আনন্দ ফুৰ্টিয়েই প্ৰতিকীৰূপত বোকাখচা ভাওনা।

এইদৰে বোকাখেচা ভাওনাত গঞা ৰাইজ, যুৱকসকলে হৰি নাম গায় ধুপ, ধুনা নৈৱেদ্য আগবঢ়াই বোকাত ঘিঁ,মাখন,লৱণু ঢালি স-ভক্তিৰে নিদিষ্ট গীত পৰিৱেশনৰে বোকা খচে৷ প্ৰৱাদ অনুসৰি এই ভাওনাৰ নিৰ্দিষ্ট দিনটোত শৰাই শলিতা আগবঢ়ালে মনোবাঞ্চা পুৰণ হয়, অপায়অমঙ্গল দূৰ হয় ৷ এই বোকা বা পংক শিৰত ললে সন্তানহীনতাই সন্তান লাভ কৰে বুলি বিশ্বাস কৰে ৷

সেয়ে এই বোকা বা পংক শিৰত লবলৈ ভক্তপ্ৰাণ ৰাইজে হেতাওপৰা কৰাৰ লগতে সযতনে ঘৰৰ আন আন সদস্য সকললৈ লৈ যায় ৷ ভক্তপ্ৰাণ গাওঁবাসী ৰাইজৰ বিশ্বাস এই ভাওনা অনুষ্ঠিত নকৰিলে গাঁৱত নানা অপায় অমঙ্গলে দেখা দিয়ে , মহামাৰী হয় ৷ সেয়ে ৰাইজে পৰম্পৰাগতভাৱে এই ভাওনা অনুষ্ঠিত কৰি আহিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in