/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/977a5b59-92f9-423f-8c94-a58be4a80bb0/maa.jpg)
নগাঁৱত শিশু নাট সমাৰোহত মৃনালিনী দেৱী
ডিজিটেল সংবাদ,বেবেজীয়াঃ "শিশুসকল সমাজৰ ভৱিষ্যত। সেই শিশুসকলেই ভৱিষ্যতৰ সমাজখন গঢ়ি তুলিব পাৰে। শিশু সকলক নাটক, নৃত্য, কলা-সংস্কৃতি, খেল ধেমালি আদি সকলো ক্ষেত্ৰতে আগুৱাই নিব লাগিব।" এই মন্তব্য অসম সাহিত্য সভাৰ উপ সভাপতি মৃনালিনী দেৱীৰ।
শুকুৰবাৰৰ পৰা নগাঁও জিলাৰ মাজপাথৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত অসম নাট্য সন্মিলনৰ নগাঁও জিলা সমিতিৰ বাৰ্ষিক অধিবেশন আৰু ইয়াৰ লগত সংগতি ৰাখি আয়োজন কৰা সদৌ অসম শিশু নাট সমাৰোহ উদ্বোধন কৰি দিয়া ভাষণত মৃনালিনী দেৱীয়ে এই মন্তব্য কৰি কয় যে, অপ-সংস্কৃতিৰ পৰা শিশুসকলক দূৰত ৰাখি আধ্যাত্মিক চিন্তা চেতনাৰে আগবঢ়াই নিব লাগিব। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ কথা উল্লেখ কৰি তেওঁ কয়, গুৰুজনাই অসমত কলা-সংস্কৃতিৰে সমৃদ্ধ এখন সমাজ গঢ়ি তুলিছিল। গুৰুজনাই নাটক, কলা-সংস্কৃতিৰে শিশু সকলক আগবাঢ়ি যাবৰ বাবে অনুপ্ৰাণিত কৰিছিল। প্ৰসঙ্গ ক্ৰমে তেওঁ কয়, "শিশু নাটৰ প্ৰতি মোৰ দুৰ্বলতা আছে। সেয়ে শিশু নাট বুলি কোৱাৰ লগে লগে মই ইয়ালৈ দৌৰি আহিছোঁ"। শিশু সকলক আমি সঠিকভাৱে আগুৱাই নিয়াৰ প্ৰয়াস কৰিব লাগিব। ইয়াৰ বাবে প্ৰয়োজন হব মাতৃৰ যত্নৰ। প্ৰসঙ্গ ক্ৰমে তেওঁ গুৰুজনাৰ আদৰ্শ,সৃষ্টি ৰাজিৰে শিশু সকলক আগুৱাই নি সমাজত প্ৰতিষ্ঠা কৰিবৰ বাবে সকলোকে আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/75da7fbb-d81e-4de9-b162-3496b45685a4/f8cfc019_b13b_4088_aff7_d099152d7cd5.jpg)
ভাষণ প্ৰসংগত তেওঁ আৰু কয়, সাহিত্য, সংগীত, কলা-সংস্কৃতি ভাল নোপোৱা মানুহ প্ৰকৃত মানৱ হব নোৱাৰে। সংস্কৃতিয়ে এটা জাতিৰ জীৱন ধাৰা প্ৰতিষ্ঠা কৰে। অস্তিত্ব প্ৰতিপন্ন কৰে। বিভিন্ন শাস্ত্ৰৰ কথা উল্লেখ কৰি এক মননশীল ভাষণ প্ৰদান কৰি মৃনালিনী দেৱীয়ে কয়, নাটকৰ আৰম্ভণি মহাদেৱেই কৰিছিল। সাহিত্যিক গৰাকীয়ে আমাৰ প্ৰাচীন ঐতিহ্য আৰু সম্পদ সমূহ নৱ প্ৰজন্মক পৰিচয় কৰি দিবলৈ সকলোকে আহ্বান জনায়।
উক্ত অনুষ্ঠানতেই বঢ়মপুৰ ছহীদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নলিনী কুমাৰ বৰাৰ "হৃদয় নদীৰ ঘাট" নামৰ গ্ৰন্থখন উন্মোচন কৰে মৃনালিনী দেৱীয়ে। অনুষ্ঠানত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, নাট্যকাৰ উপকূল বৰদলৈ, অৰূপ বৰঠাকুৰ, ভাৰতীয় খাদ্য নিগমৰ মাণ্ডলিক প্ৰবন্ধক সন্দীপ গগৈ আদিয়ে অংশগ্ৰহণ কৰে।
নাট পৰিচালক জয়ন্ত বৰাই আঁত ধৰা অনুষ্ঠানত অসম নাট্য সন্মিলনৰ নগাঁও জিলা সমিতিৰ সভাপতি ইন্দ্ৰমোহন বৰুৱা, কাৰ্যকৰী সভাপতি প্ৰশান্ত শৰ্মা, সাধাৰণ সম্পাদক সুৰজ কুমাৰ শইকীয়া,অসম নাট্য সন্মিলনৰ প্ৰচাৰ কেন্দ্ৰীয় সম্পাদক প্ৰান্তিক গোস্বামীৰ লগতে অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ কেইবা গৰাকী বিষয়ববীয়া উপস্থিত থাকে। বিয়লি আমন্ত্ৰিত নাট্য দলৰ বৰষূণ, উচিত মূল্য, জাল, অৰণ্য মানৱ নাট প্ৰদর্শন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/fbeffe61-78e2-414f-b4b8-dd3ee0844b0f/2be63430_7ad8_4f46_84ed_26feb27c8570.jpg)
আয়োজক সমিতিয়ে জনোৱা অনুসৰি এই সমাৰোহৰ ১১ ডিচেম্বৰৰ সামৰণিৰ দিনা অসম নাট্য সন্মিলনৰ চলচলি শাখাৰ উদ্যোগত "অসমীয়া শিশু নাটৰ বিবৰ্তন" শীৰ্ষক কেন্দ্ৰীয় বাৰ্ষিক নাট বিষয়ক আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। এই আলোচনা চক্ৰৰ মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰিব বিশিষ্ট নাট্যকাৰ প্ৰভাত গোস্বামীয়ে। ইয়াৰ আগে পুৱা পতাকা উত্তোলন কৰে সন্মিলনৰ নগাঁও জিলা সমিতিৰ সভাপতি ইন্দ্ৰমোহন বৰুৱাই।
আৰু পঢ়কঃ নামতি বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শতবৰ্ষৰ আৰম্ভণি...