নামতি বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শতবৰ্ষৰ আৰম্ভণি...

অসমত পুনৰ টেট পৰীক্ষা অনুষ্ঠিত নহয়; পূৰ্বৰ টেট উত্তীৰ্ণ সকলক শীঘ্ৰে মকৰলৰ ব্যৱস্থা কৰিবঃ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু
নামতি বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শতবৰ্ষত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু
নামতি বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শতবৰ্ষত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

ডিজিটেল সংবাদ,নামতিঃ অসম-নগালেণ্ডৰ সম্প্ৰীতি বাৰ্তা কঢ়িয়াই নামতি বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শুকুৰবাৰৰ পৰা অনুষ্ঠিত হৈছে বৰ্ষযোৰা শতবৰ্ষ অনুষ্ঠান। শিৱসাগৰ জিলাৰ বৃহত্তৰ নামতি অঞ্চলত ১৯২১ চনতে প্ৰতিষ্ঠা হোৱা বিদ্যালয়খনত নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এচ.চি জমিৰৰ লগতে দুয়োখন ৰাজ্যৰ শিক্ষাৰ্থীয়ে অধ্যয়ন কৰিছিল।

পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ বাৰ্তাৰে বিদ্যালয়খনত উপস্থিত হোৱা পাহাৰৰ নগা ৰাজ্যৰ সাংস্কৃতিক দলৰ লগতে বহু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাগম হয়। আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শতবৰ্ষ আৰম্ভণি অনুষ্ঠানৰ প্ৰথম দিনা পুৱা ১০০ টা গছপুলি ৰোপন কৰা পাছতে অনুষ্ঠানটোৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তথা আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই আৰু বিদ্যালয়ৰ পতাকা উত্তোলন কৰে বিদ্যালয়খনৰ অধ্যক্ষা মিনুমা হাতীবৰুৱাই ।

তাৰ পাছতেই ১৯২১ চনৰ পৰা পৰ্যায়ক্ৰমে ১০০ খন পতাকা প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় গণ্য-মান্য ব্যক্তিৰ দ্বাৰা উত্তোলন কৰা হয়। স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি চফিউৰ ৰহমানে। প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক বদন চন্দ্ৰ দত্তই।

তাৰ পাছতে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক মোহিনী কুমাৰ মহন্তই। সাংস্কৃতিক শোভাযাত্ৰা সামৰণিৰ পাছতেই অনুষ্ঠিত হোৱা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বহুমূলীয়া ভাষণ প্ৰদান কৰা লগতে সাংবাদিকৰ আগত জানিবলৈ দিয়ে যে, "অসমত পুনৰ টেট পৰীক্ষা অনুষ্ঠিত নহয়; পূৰ্বৰ টেট উৰ্ত্তীণসকলক শীঘ্ৰে মকৰলৰ ব্যৱস্থা কৰিব ।"

আনহাতে, সভাখনত আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা, শিৱসাগৰ আৰু চৰাইদেও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক কমলজ্যোতি গগৈ, শিৱসাগৰ জিলাৰ উপায়ুক্ত আদিত্য বিক্ৰম যাদৱ, আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা, বিদ্যালয়ৰ অধ্যক্ষা মিনুমা হাতীবৰুৱা, উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি চফিউৰ ৰহমানৰ লগতে ভালেকেইজন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।

ইয়াৰোপৰি দিনৰ ১ বজাৰ পৰা "মগজুৰ উৰ্বৰা শক্তিঃ জীৱনৰ অফুৰন্ত সম্ভাৱনা" বিষয়ৰ এক আলোচনা চক্ৰ উদ্বোধন কৰে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি সুৰেশ শইকীয়াই ।

উক্ত আলোচনাচক্ৰত আলোচক হিচাপে উপস্থিত থাকে অসম চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ নাৰায়ণ উপাধ্যায় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক মনোবিজ্ঞান অধ্যয়ন কেন্দ্ৰৰ অধ্যক্ষ ড০ নিতা কলিতা বৰুৱা। নানা জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ স্থলীৰ লগতে নামতি বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ মিলনভূমিলৈ পৰিণত হোৱা বিদ্যালয়খনত সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধন কৰে প্ৰাক্তন অধ্যক্ষ বুধীন্দ্ৰ নাথ ভট্টাচাৰ্যই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in