/asomiyapratidin/media/media_files/2024/12/10/IvK0PAn6DhEV0wg7opgY.jpg)
ডিজিটেল সংবাদ,হাটশিঙিমাৰীঃ শিশু শ্ৰম, সৰবৰাহ, বাল্য বিবাহ আৰু নিৰ্যাতনৰ পৰা সুৰক্ষিত ৰখাৰ লগতে শিশুৰ অধিকাৰক লৈ আজি দিনজোৰা কাৰ্যসূচীৰে হাটশিঙিমাৰী প্ৰেক্ষাগৃহত বাল সভা অনুষ্ঠিত কৰা হয়।
হাটশিঙিমাৰী জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ যৌথ সহযোগত দক্ষিণ শালমাৰা-মানকাচৰ জিলা শিশু সুৰক্ষা গোটে অনুষ্ঠিত কৰিছে বাল সভাৰ।
এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অজয় কুমাৰ দত্ত আৰু বন্দনা ছাছনি নামৰ দুগৰাকী সদস্য । একেদৰে হাটশিঙিমাৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত কুমাৰ বৰা, জিলা সমাজকল্যাণ বিষয়া ইন্দ্ৰজিত দাস, ফেকামাৰী আৰু মানকাচৰ খণ্ড উন্নয়ন বিষয়া দৈথন ওৱাৰী আৰু কস্তৱ দাস বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।
সভাখনত জিলাখনৰ বিভিন্ন গাঁও পঞ্চায়তৰ সচিব সকলো উপস্থিত আছিল। কেইবাখনো শিক্ষানুষ্ঠানৰ তিনি শতাধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত শিশুৰ সুৰক্ষা আৰু অধিকাৰ সম্পৰ্কে বিস্তাৰিত ভাৱে আলোচনা কৰা হয় এই সভাত। তদুপৰি ছাত্ৰ-ছাত্ৰী সকলৰ সৈতেও মতবিনিময় কৰে ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সদস্যদ্বয় অজয় কুমাৰ দত্ত আৰু বন্দনা ছাচনিয়ে ।